এটি গ্ৰন্থ সমালোচনা প্ৰেৰণ
চন্দ্ৰ শেখৰ পৰাজুলীৰ ‘মনৰ মাজৰ যুদ্ধ’
ললিত নাথ, কেৰাণীপাম,শোণিতপুৰ
চন্দ্ৰ শেখৰ পৰাজুলী সাম্প্ৰতিক কালৰ অসমীয়া গদ্য সাহিত্য জগতৰ এগৰাকী উল্লেখযোগ্য মননশীল গদ্যকাৰ। বিশ্বনাথ চাৰিআলিৰ এইগৰাকী তৰুণ প্ৰবন্ধকাৰৰ সদ্য প্ৰকাশিত চতুৰ্থখন প্ৰবন্ধ সংকলন ‘মনৰ মাজৰ যুদ্ধ’ আধুনিক মনৰ অন্তৰ্দ্বন্দ্বৰ এক অতি সংবেদনশীল সাহিত্যকৃতি৷
এই প্ৰবন্ধ সংকলনখন অসমীয়া সাহিত্যৰ এক মূল্যৱান সংযোজন৷ লেখকে দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰ মাজেৰে মানৱ মনৰ ভিতৰত নিৰন্তৰ চলি থকা দ্বন্দ্ব, সংঘাত,চিন্তাৰ বৈপৰীত্য আৰু নিৰ্মম যন্ত্ৰণাময় নেতিবাচক চিন্তা আদি সৰল অথচ গভীৰ ভাষাৰে উপস্থাপন কৰিছে।গ্ৰন্থখনৰ প্ৰায়বোৰ প্ৰবন্ধতে লেখকে মূল্যবোধৰ অৱক্ষয়, টুটি অহা সামাজিক সম্পৰ্ক দৰে বিষয়সমূহ সূক্ষ্মভাৱে উন্মোচিত কৰিছে। এই লেখাসমূহত স্বাৰ্থ-নি:স্বাৰ্থতা, কঠোৰতা-কোমলতা, অহংকাৰ-বিনয়ৰ মাজত অবিৰাম দ্বন্দ্ব দেখা যায়,যি দ্বন্দ্বই মানুহৰ অস্তিত্বক জটিল আৰু বহুমাত্রিক ৰূপ দান কৰিছে। প্ৰতিটো মুহূৰ্ততে এনে দ্বন্দ্বময় বাছনিৰ সন্মুখীন হৈ থকা আধুনিক মানুহৰ আত্মিক সংকটক গ্ৰন্থখনে সংবেদনশীলতাৰে সান্ত্বনা দি আশ্বস্ত কৰিবলৈ সক্ষম হৈছে। মুঠ ৫৬টা প্ৰবন্ধত লেখকে সম্পৰ্কৰ অৱনতি, স্বাৰ্থপৰতা, ঠাট্টা, বিদ্ৰূপ, হাঁহি, অপমানবোধ, ৰূঢ়তা, ৰুক্ষতা,অৱজ্ঞা,নীতিহীনতা, স্বাৰ্থপৰতা,অসুস্থ মানসিকতা,হীনমন্যতা আদি অৱজ্ঞাজনিত নেতিবাচক দিশবোৰ উপেক্ষা কৰি জীৱনক মহিমামণ্ডিত কৰি তোলাৰ সন্ধান দিছে৷ লেখকৰ দৃষ্টিভংগী বাস্তৱবাদী, তেওঁ মানুহৰ স্বাৰ্থপৰ স্বভাৱক অস্বীকাৰ নকৰি আন্তৰিকতা,দায়িত্ববোধ আৰু ভাল কৰ্মৰ জৰিয়তে সুস্থ জীৱন গঢ়াৰ পথ দেখুৱাইছে।
কেইটামান উক্তিয়ে লেখকৰ চিন্তাৰ গভীৰতা সুন্দৰকৈ প্ৰকাশ কৰিছে। যেনে- “মানুহ এজন বয়সৰ দ্বাৰা নহয়, দায়িত্বশীলতাৰ জৰিয়তেহে পৰিপক্ব হৈ উঠে”—এই বাক্যই পাঠকক গভীৰ আত্মবিশ্লেষণৰ দিশে লৈ যায়। সম্পৰ্কৰ বাস্তৱিক ৰূপ উন্মোচন কৰি তেওঁ কৈছে যে, সম্পৰ্ক কেৱল তেজৰ সম্পৰ্কতে সীমাবদ্ধ নহয়, কৰ্ম আৰু ব্যৱহাৰৰ জৰিয়তেৱো ই গঢ় লৈ উঠে। স্বাৰ্থপৰতাৰ সমালোচনাত “স্বাৰ্থপৰ মানুহ আৰু ধূলিকণাবোৰ সদায় বতাহৰ দিশতহে গতি কৰে”ৰ দৰে বাক্য বিশেষভাৱে মনোগ্ৰাহী। হাঁহিৰ সামাজিক দায়িত্ব, অপমানৰ প্ৰভাৱ আৰু বাহ্যিক-অন্তৰ্নিহিত বৈপৰীত্যৰ বিষয়ে দিয়া মন্তব্যসমূহ সমানেই চিন্তাজনক আৰু পাঠকক নিজৰ জীৱনৰ প্ৰতি নতুন দৃষ্টিৰে চোৱাৰ প্ৰেৰণা যোগায়। গ্ৰন্থখনৰ ভাষা সহজ,সংযত আৰু প্ৰাঞ্জল।কিন্তু প্ৰতিটো বাক্যতে এক গভীৰ বাৰ্তা লুকাই আছে।
সংস্কৃত শ্লোক, শ্ৰীকৃষ্ণৰ উক্তি আৰু মহাভাৰতৰ প্ৰসংগৰ জৰিয়তে লেখকে প্ৰাচীন জ্ঞানক বৰ্তমান সমাজৰ সৈতে সাৱলীলভাৱে সংযোগ কৰিছে।
লেখকে নিজেই কৈছে যে,এই গ্ৰন্থখন কোনো মহান গবেষণাৰ ফচল নহয়,কেৱল সামান্য সমস্যা সামাধানৰ জৰিয়তে সমাজত সজাগতা সৃষ্টি কৰিব বিচাৰা এক প্ৰয়াস মাত্ৰ। ‘মনৰ মাজৰ যুদ্ধ’ এক জীৱন দৰ্শন, যিয়ে পাঠকক মনৰ সংগ্ৰামত জয়ী হ’বলৈ পথ দেখুৱায়। আধুনিক মনৰ মানুহৰ আত্মিক দ্বন্দ্বক প্ৰতিনিধিত্ব কৰিবলৈ এনে গ্ৰন্থ অতি প্ৰয়োজনীয়৷ সেয়েহে প্ৰতিগৰাকী চিন্তাশীল পাঠকে গ্ৰন্থখন পঢ়া উচিত৷
