চন্দ্ৰযাান – ৰুমী কলিতা দত্ত

PC - Hindustan Times
চন্দ্ৰযাান
ৰুমী কলিতা দত্ত,
কেন্দুগুৰি, ডিব্ৰুগড়
জোনবাইৰ দেশলৈ
চন্দ্ৰযান উৰিলে
ভাৰতে মেলিলে পাখি
বিক্ৰম লেণ্ডাৰে প্ৰৱেশ কৰিলে
ইতিহাসত হ’লগৈ সাক্ষী ।
বিজ্ঞানীসকলে উলাহত নাচিছে
আনন্দে নধৰে হিয়া
ইছৰ’ৰ হ’ল সফল অৱতৰণ
মঙ্গল ধ্বনি দিয়া ।
বিজ্ঞানীসকলক জনাওঁ অভিনন্দন
ইতিহাসত ৰচিলে নাম
জোনৰ বুকুতে লিৰিকি-বিদাৰি
কৰিব সকলো কাম ।
মানৱৰ বুকুতে বিশ্বাসৰ বাটেৰে
বিলালে গভীৰ আস্থা
হেঁপাহ,সপোনে হাঁহি বিৰিঙালে
দিয়া জোনাক দিয়া !
২০২৩ ৰ ২৩ আগষ্টত প্ৰথমে
দক্ষিণ মেৰুলৈ গ’ল
পৃথিৱীৰ ভিতৰত চতুৰ্থ ভাৰত
ইতিহাসত জিলিকি ৰ’ল ।