চন্দ্ৰপুৰত পথ দুৰ্ঘটনা আহত তিনিজনলোক

pc- onmanorama

চন্দ্ৰপুৰত পথ দুৰ্ঘটনা আহত তিনিজনলোক

ৰঙিলী বাৰ্ত্তাসেৱা –   যি সময়ত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে সুৰামত্ত চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে, তেনে সময়ত মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত শিল, বালি, ইটা কঢ়িওৱা ট্রাক-ডাম্পাৰৰ দৌৰাত্ম্য দিনকদিনে বৃদ্ধি পাই আহিছে। শেহতীয়াভাৱে সুৰামত্ত চালকৰ দৌৰাত্ম্যৰ বাবে আজি সন্ধিয়া চন্দ্ৰপুৰ হাইস্কুল তিনিআলি আৰু ইউকো বেংক তিনিআলিত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন কিশোৰসহ দুজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত কিশোৰজন ইন্দ্ৰজিৎ দাস আৰু দুই যুৱক ক্ৰমে অমন দাস, দুলুমণি দাস বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে এছ আৰ বি ইটাভাতাৰ এ এছ-০১ ইচি-০৬১৭ নম্বৰৰ ইটাভর্তি ট্রাকখন চন্দ্ৰপুৰৰ পৰা গুৱাহাটীৰ দিশে তীব্র বেগত গৈ থকা অৱস্থাত চন্দ্ৰপুৰ ইউকো বেংক তিনিআলিত এখন ই ৰিক্সাই খুন্দা মাৰে। ইয়াৰ পিছতে ট্রাকখনে চন্দ্ৰপুৰ হাইস্কুল তিনিআলিত পথৰ দাঁতিৰে খোজকাঢ়ি গৈ থকা ইন্দ্ৰজিৎ দাস আৰু অমন দাস নামৰ যুৱক দুজনক খুন্দিয়াই স্কুটীচালক দুলুমণি কলিতাক খুন্দা মাৰি পলায়ন কৰে ইটা কঢ়িওৱা ট্রাকখনে। পিছত একাংশ লোকে ট্রাকখন কিছু আঁতৰত গৈ আবদ্ধ কৰে যদিও ট্রাকচালকজনে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পিছত ঘটনাস্থলীত প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ লোক উপস্থিত হৈ আহত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।