চ’তৰ প্ৰথম জাক বৰষুণ- এছ ইছলাম

Pc Sciencing
চ’তৰ প্ৰথম জাক বৰষুণ
                     এছ ইছলাম, শিক্ষক
                        মইনবৰী,বৰপেটা
ফাগুনৰ পছোৱা বতাহে
কঢ়িয়াই আনিছিল
মোৰ এই ক্ষনভঙ্গুৰ জীৱন লৈ
স্বৰ্গীয় শ্নিগ্ধ সুধা।
চ’তৰ প্ৰথম জাক বৰষুণৰ
সেই মাদকতাত
তিতিছিলোঁ তুমি আৰু মই
স্বচ্ছ হৈছিল হৃদয়ৰ আৱৰ্জনা
তোমাৰ বাৰু নাই নে জনা ?
সেই বৰষুণ জাকৰ প্ৰভাৱত
উতলা যৌৱনৰ মাধুৰ্য
হৃদয়ত উথলি উঠিছিল
প্ৰেমৰ মাদকতা।
চ’তৰ প্ৰথম জাক বৰষুণে
জীৱনত কঢ়িয়াই আনিছিল
অনাবিল প্ৰশান্তি
আঁতৰিছিল আমাৰ হৃদয়ৰ
সকলো ভ্ৰান্তি ।
চ’তৰ প্ৰথম জাক বৰষুণত
হৈ পৰিছিলো আপ্লুত
দৃঢ় হৈছিল প্ৰেমৰ বন্ধন
নৱপ্ৰজন্মই পোখা মেলিছিল
লহপহকৈ ।