চ’তৰ আবতৰীয়া বৰষুণ
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
চ’তৰ আবতৰীয়া বৰষুণ
বতাহ বলিছে ফেৰফেৰীয়া
চ’ত মহীয়া বৰষুণৰ গচকত
পথাৰৰ শস্যবোৰ কাঢ়িছে হুমুনীয়া।
কিনকিনিয়া এজাক বৰষুণত
ফেৰফেৰীয়া পূবালী বতাহত
শৰীৰ কঁপে জাৰত
নিহালীখন মেৰিয়াই লওঁ গাত।
টিপটিপ এজাক বৰষুণত
লেৰেলি যায় গছৰ পাত
নিয়ৰৰ কণা ঘাঁহনিত
বোকা ছটিয়ায় গাত।
গৰুৱে ঘাঁহ খায় পথাৰত
ছাগলীয়ে নাযায় ঘাঁহনিত
ওলাব নোৱাৰি বাহিৰত
আইতা পৰিল বেমাৰত।
বাট-পথ হৈছে পিছল
গাড়ী মটৰত দুগুণ মাচুল
বজাৰত চবজি পাবলৈ নাই
মাছ মাংসৰ খবৰে নাই।
পানীৰে বুৰিল মৰা বেঁকী
মুকুতা ৰুইছে বালিচৰত
সেৰেঙা বসতি চৰ-চাপৰিত
মাকৈ খেতি কৰে সিহঁত।
আলু, বেঙেনা আৰু জলকীয়া
ইহঁতৰ খেতি কৰে সুকীয়া
লেচেৰা, পটল ,ভীম, মটৰমাহ
খেতিয়কে খেতি কৰে বাৰমাহ।