চতুৰ্থ স্তম্ভক টিপি মৰাৰ সন্দৰ্ভত কামৰূপ মহানগৰ জাফাৰ প্ৰতিক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- গণতন্ত্ৰৰ চতুৰ্থ প্ৰহৰী হিচাবে সাংবাদিকে সাম্প্ৰতিক সময়ত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে তাক দুনাই উনুকিয়াবৰ প্ৰয়োজন নাই বুলিয়ে ভাবো।-এই মন্তব্য কামৰূপ মহানগৰ জাফাৰ সভাপতি অৱনী বৰুৱা,সম্পাদক মিন্টু হাজৰিকাৰ৷তেওঁলোক দুয়োজনে এক বিবৃতি যোগে পুনৰ কয়-কিন্তু এনে এক প্ৰত্যাহবান পূৰ্ণ কৰ্মৰ সৈতে প্ৰতিজন সাংবাদিকক টিপি মাৰিম বুলি ভাস্কৰ তামুলী নামৰ শৰীৰ চৰ্চাবিদজনে লিখা এটা ফেচবুক পোষ্টে সমগ্ৰ সাংবাদিকসকলক তাছিল্য কৰাৰ লগতে সাংবাদিকতাৰ দৰে পবিএ বৃত্তিত জড়িত প্ৰতিজনৰে আত্ম সন্মানত আঘাত হানিছে।আমি কামৰূপ মহানগৰ জাৰ্নেলিষ্ট এছচিয়েছন ফৰ আচাম(জাফা)ৰ তৰফৰ পৰা ব্যক্তিগৰাকীৰ এই মন্তব্যক কোনো পধ্যেই সহনীয় বুলি নাভাবো।আমি তামুলীৰ মন্তব্যক গৰিহণা দিয়াৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে দাবী জনাইছো।অন্যথা তেওঁৰ বিৰুদ্ধে আইনৰ সহায় ল’বলৈ আমি বাধ্য হ’ম।