চতুৰ্থ বৰ্গৰ পৰীক্ষাত উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ

Pc The Janambhumi

চতুৰ্থ বৰ্গৰ পৰীক্ষাত উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ সন্দৰ্ভত উঠা অভিযোগ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা।লখিমপুুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধৰা পৰিছে বিসংগতি।নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ’ল উকা বহী জমা দিয়া পৰীক্ষাৰ্থী। ৰূপহীহাটৰ এজন এজন বিশেষভাৱে সক্ষম যুৱকৰ ফেচবুক প’ষ্টত ভয়ংকৰ তথ্য। লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আমিনুল হকে। হক নিজেও উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও তেওঁৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ অভিযোগ কৰে। ফেচবুক পোষ্টত এই অভিযোগ উত্থাপন কৰাৰ লগতে একাংশ সংবাদ মাধ্যমতো তেওঁ এই সন্দৰ্ভত কয়। লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হৈছিল। উক্ত দিনাই আমিনুল হকে ফেচবুক পোষ্টযোগে পৰীক্ষাৰ্থীগৰাকীয়ে উকা OMR চীটখন জমা দিবলৈ যাওঁতে সকলোৱে বাধা দিয়া তথা কেইটামান প্ৰশ্নোত্তৰ কৰাৰ বাবে হেঁচা দিয়া ঘটনাৰ কথা উল্লেখ কৰিছিল।কিন্তু তেওঁ পৰীক্ষাৰ ফলাফলত সেই পৰীক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হোৱাত আশ্চৰ্য প্ৰকাশ কৰা বুলি প্ৰকাশ কৰি পুনৰ এটা ফেচবুক পোষ্টযোগে বিষয়টো ৰাজহুৱা কৰে। হকে পৰীক্ষাৰ্থীগৰাকীৰ ৰোল নম্বৰটোও প্ৰকাশ কৰে।গুৰুত্বপূৰ্ণ যে আমিনুল হকৰ এই পোষ্টে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিযুক্তি পৰীক্ষাবোৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ সজাগ গৈ থকাৰ পিছতো উঠা এই অভিযোগে স্বাভাৱিকতে নিবনুৱাসকলক উদ্বিগ্ন কৰি ৰাখিছে।