চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

ৰঙিলী বাৰ্ত্তাসেৱা- এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেটত ফাইনেলত উপনীত হৈছে এন ডি ২৪ আৰু অসমীয়া প্ৰতিদিন গ্ৰুপ । ২৯ মাৰ্চ, বুধবাৰে পুৱা প্ৰথম ছেমি ফাইনেলত এন ডি ২৪ দলে ৭২ ৰাণত পৰাস্ত কৰে প্ৰাগ নিউজক । গুৱাহাটীৰ জজ ফিল্ডত পুৱা মেচখন উদ্ধোধন কৰে গুৱাহাটী মহানগৰৰ উপ পৌৰপতি স্মৃতা ৰয়ে । প্ৰথমে বেট ধৰি এন ডি ২৪ দলে প্ৰাথমিক বিপৰ্যয় নেওচি ৬ টা উইকেট হেৰুৱাই কৰে ১৪৯ ৰাণ । দলৰ দুই অপেনাৰ ৰঞ্জিৎ চাংমায়ে ১ আৰু অমিত গিৰিয়ে ০ ৰাণত আউট হোৱাৰ পাছত বাস্তৱ হাজৰিকাই ২ টা ছিক্সাৰসহ ৪৯, বিকাশ ছেত্ৰীয়ে ২ টা ছিক্সাৰসহ ৪০ আৰু ৰাজ হুছেইনে ২২ ৰাণ কৰে । বলিঙত প্ৰাগৰ অমিত দাসে ৩ টা, অধিনায়ক ভাৰ্গৱ ৰাজ বৈশ্য‌, নিখিল বাছফৰ আৰু ৰাজু ধৰে এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত প্ৰাগ নিউজে ১৩.১ অভাৰত ৭৭ ৰাণতে ইনিংছ সামৰে । দলৰ বিনয় বাছফৰে ১৯, অমিত দাসে ১৬ আৰু নিখিল বাছফৰে ১৩ ৰাণ কৰে । বলিঙত বিকাশ ছেত্ৰীয়ে ১৯ ৰাণ দি ৪ টা আৰু বাস্তৱে ১১ ৰাণ ব্যয় কৰি ৩ টা উইকেট দখল কৰে । অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে বাস্তৱ হাজৰিকাক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰা হয় । বিয়লি দ্বিতীয় খন মেচত অসমীয়া প্ৰতিদিন গ্ৰুপে ৬ উইকেটত পৰাস্ত কৰে দূৰদৰ্শন, অসম দলক । প্ৰথমে বেট ধৰি দূৰদৰ্শন দলে ১৯.৫ অভাৰত সকলো উইকেটৰ বিনিময়ত কৰে ১৫৪ ৰাণ । দলৰ পলাশ কুমাৰ ৰয়ে ৫১, এছ বেনাৰ্জীয়ে ৩১, হেমন্ত তালুকদাৰে ২৮ ৰাণ কৰে । বলিঙত প্ৰতিদিনৰ ৱাছিম আহমেদে ৩ টা, তৌহিদে ২ টা, অবিনাশ ঠাকুৰীয়া, পাৰ্থিৱ হাজৰিকা আৰু বিতোপন কোঁৱৰে এটাকৈ উইকেট লাভ কৰে । প্ৰত্যুত্তৰত অসমীয়া প্ৰতিদিন গ্ৰুপে ১৮.৫ অভাৰত ১৫৭ ৰাণ কৰি খিতাপ যুঁজলৈ অগ্ৰসৰ হয় । দলৰ হৈ তৌহিদ আলী তালুকদাৰে ৫৬ বলত অপৰাজিত ৮০, জগজিৎ সিঙে ১৬ আৰু নয়ন প্ৰতিম কুমাৰে ১১ ৰাণৰ বৰঙণি যোগায় । বলিঙত প্ৰতিপক্ষ দূৰদৰ্শনৰ গৌৰাংগ নন্দন গগৈয়ে ২ টা, অৰূপ ভট্ৰ আৰু অনুজ বাছফৰে এটাকৈ উইকেট লাভ কৰে । বেটে বলে উজ্বলি উঠা তৌহিদ আলী তালুকদাৰক মেন অৱ দ্য মেচৰ ট্ৰফী দিয়া হয় । খেলৰ আম্পায়াৰদ্বয় বুলবুল দাস আৰু বাপন দাস । স্ক’ৰাৰ আৰিফ শ‌ইকীয়া ৷৩০ মাৰ্চ, বৃহস্পতিবাৰে ফাইনেল মেচ উদ্ধোধন কৰিব গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়াই । সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।