চতুর্থ টি-২০ত শ্রীলংকা ৩০ ৰানত পৰাস্ত কৰে ভাৰতে
ৰঙিলী বাৰ্ত্তাসেৱা– কেৰালাৰ তিৰুৱনন্ত পুৰমত অনুষ্ঠিত চতুর্থখন টি-২০ মেচত শ্রীলংকাক ৩০ ৰানত পৰাস্ত কৰে ভাৰতে। মেচখনত ভাৰতে প্রথমে বেটিং কৰি স্মৃতি মান্ধানাৰ ৮০ ৰান, শ্বেফালী বৰ্মাৰ ৭৯ ৰান আৰু ৰিচা ঘোষৰ বিস্ফোৰক ৪০ ৰানৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ২ উইকেট হেৰুৱাই ২২১ ৰান কৰে। মান্ধানাই ৪৮টা বল খেলি ১১টা চাৰি আৰু ৩টা ছয়েৰে নিজৰ ইনিংছটো সজায়। একেদৰে ৪৪টা বল খেলি ১২টা ৪ আৰু ১টা ছয়েবে শ্বেফালী বার্মাই দর্শনীয় খেল খেলে। ভাৰতৰ অ’পেনাৰদ্বয়ে ১৬২ ৰানৰ দলীয় স্ক’ৰ কৰে। শ্বেফালীৰ বিদায়ৰ পিছত ক্রিজলৈ অহা ৰিচা ঘোষে ১৬টা বল খেলি ৪টা চাৰি আৰু ৩টা ছয়েৰে ৪০ ৰান কৰাৰ বিপৰীতে অধিনায়ক হৰমনপ্রীত কৌৰে ১০টা বলত এটা ৪ আৰু ছয়েৰে ১৬ ৰান কৰি অপৰাজিত হৈ থাকে। শ্ৰীলংকাৰ হৈ এটাকৈ উইকেট লাভ কৰে মালচা শেহানী আৰু নিমাচা মীপাজে। ইফালে, ২২২ ৰানৰ লক্ষ্য লৈ শ্ৰীলংকাৰ অ’পেনাৰ হাছিনী পেৰেৰা আৰু অধিনায়ক চামাৰি আটাপাট্রুৱে দলক সুন্দৰ আৰম্ভণি দিছিল যদিও ৫৯ ৰানৰ দলীয় স্ক’ৰত হাছিনী পেৰেৰাই ২০টা বলত ৩৩ ৰান কৰি আউট হয়। চামাৰিয়ে ৩৭টা বলত ৩টা ৪ আৰু ৩টা ছয়েৰে ৫২ ৰানৰ ইনিংছ খেলে। ২০ অভাৰত দলটোরে ৬ উইকেট হেৰুৱাই ১৯১ ৰান কৰে যদিও ৩০ ৰানত পৰাস্ত হয়। ভাৰতৰ হৈ অৰুন্ধতী ৰেড্ডী আৰু বৈষ্ণৱী শৰ্মাই দুটাকৈ উইকেট লাভকৰে। ইয়াৰ জৰিয়তে ভাৰতে শৃংখলাটোত ৪-০ৰ অগ্রগতি লাভ কৰে।
