চঞ্চলা শব্দবোৰ
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
কথা এটি কওঁ শুনা…
তোমাৰ কবিতাত
ফুলি থাকিব দিয়া
যৌৱনৰ চঞ্চলা হাচনাহানা
ফুলি থাকিব দিয়া
মাধৈমালতী অপৰাজিতা
আৰু….!আৰু
জিলিকি থাকিব দিয়া
ৰূপোৱালী জকমকীয়া
সৰগীয় পাৰিজাত…৷
কথা এটি কওঁ শুনা…
তোমাৰ লিহিৰি আঙুলিৰ ফাঁকত
ওলমি থকা
চঞ্চলা শব্দবোৰৰ
আজন্মপ্ৰেমিক মই
পিছে তুমি…
তুমি মোৰ দুটি ওঁঠত
তিৰবিৰাই থকা
এভমকা মৰমলগা অভিমান…৷
শুনাচোন কথা এটি কওঁ..
কবিতাবোৰ কবিতা হৈ
থাকিবলৈ দিয়া
তাত ৰহণসনাৰ
প্ৰয়োজনেই বা কি..
তুমি হয়তো নাজানাই কিজানি
তোমাৰ আবেগ ভৰা সপোনৰ
কবিতাত সৰে
সৰগৰ এটি এটি
সোণসেৰীয়া মুকুতা
হৃদয় কপোঁৱা….!
