চছল সাংসাৰিক আই থানত জিৰণি চ’ৰাৰ আনুষ্ঠানিক শুভ উদ্বোধন

চছল সাংসাৰিক আই থানত জিৰণি চ’ৰাৰ আনুষ্ঠানিক শুভ উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ʼʼঅসম দৰ্শনʼʼ আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা চছল আই থানৰ জিৰণি চ’ৰা আজি এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ ৫৯ নং মহলাৰ পাৰিষদ অসীম শইকীয়াৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে অৰুণাচল গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। ʼঅসম দৰ্শনʼ আঁচনিৰ অধীনত আৱন্তিত ৩ ( তিনি) লাখ টকা ৰ প্ৰথম কিস্তিৰ ১,৫০,০০০/- ( এক লাখ পঞ্চাশ হাজাৰ) ধনেৰে নিৰ্মাণ কৰা জিৰণি চ’ৰাৰ উদ্বোধনী ভাষণত আঁচনিৰ লক্ষ্য-উদ্দেশ্য বাখ্যা কৰি অসম চৰকাৰৰ এই আচঁনিৰ জৰিয়তে ʼʼঅসমৰ চিনাক্ত কৰা ধৰ্মীয় স্থানসমূহৰ মৌলিক আন্তঃগাঁথনি উন্নত কৰাʼʼ কাৰ্য্যসূচীৰ অংশ হিচাবে নিৰ্মাণ কৰা ʼʼজিৰণি চ’ৰাʼʼই চছল সাংসাৰিক আই থানৰ এক প্ৰয়োজনীয় অভাৱ পূৰণ হ’ব বুলি মন্তব্য আগবঢ়ায় ।চছল সাংসাৰিক আই থান সমিতিৰ সভাপতি নবীন পাটৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাৰ উদ্দেশ্যে বাখ্যা কৰে সমিতিৰ সদস্য সঞ্জয় টেৰণে। প্ৰাক্তন সভাপতিদ্বয় যথাক্ৰমে জামাল টেৰণ আৰু দেবানন্দ টেৰণ, সমিতিৰ উপ সভাপতি গোবিন টুমুং, সম্পাদক মোহন টেৰণ সহকাৰী সম্পাদক নাৰায়ণ টেৰণ, নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱণী শৰ্মা, আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ, স্থানীয় সমাজ সেৱক বিনোদ টেৰণ, জয়ন্ত টেৰণ আদি ব্যক্তি সকলৰ লগতে শতাধিক পুৰুষ – মহিলা উপস্থিত থাকে।