চছলত চিত্ৰ ভাস্কৰ্য্য, আবৃত্তি আৰু নৃত্য কৰ্মশালাৰ সফল সামৰণি

চছলত চিত্ৰ ভাস্কৰ্য্য, আবৃত্তি আৰু নৃত্য কৰ্মশালাৰ সফল সামৰণি
ছাত্ৰ-ছাত্ৰী কণমানি সকলৰ আবৃত্তি – নৃত্যৰ ছন্দেৰে মুখৰিত কৰ্মশালাৰ সামৰণি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ অৱসৰৰ সময়ত শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ, এচিয়া বুক অফ ৰেকৰ্ডচৰ অধিকাৰী গুৱাহাটী মহানগৰীৰ চছলত অৱস্থিত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত ʼʼআএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰʼʼ উদ্যোগত এখনি চিত্ৰ ভাস্কৰ্য্য, আবৃত্তি আৰু নৃত্য (পৰিবেশ্য কলাৰ ) কৰ্মশালাৰ আজি আবৃত্তি আৰু নৃত্য ৰ ছন্দেৰে সফল সামৰণি পৰে। ১০ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত এই কৰ্মশালাত নৃত্য প্ৰশিক্ষক হিচাবে দেশ বিদেশত সমাদৃত পৰিবেশ্য কলাৰ নৃত্য প্ৰতিষ্ঠান ʼসূত্ৰধাৰʼ, নগাঁৱৰ সঞ্চালক বিশিষ্ট নৃত্য প্ৰশিক্ষক গৌৰৱ হাজৰিকা আৰু সহযোগী প্ৰশিক্ষিকা পৰিবেশ্য কলাৰ উচ্চ ডিগ্ৰী ধাৰী মূৰ্চনা মহন্ত চিত্ৰ- ভাস্কৰ্য প্ৰশিক্ষক হিচাবে প্ৰবীণ চিত্ৰ- ভাস্কৰ্য শিল্পী অতনু বৰুৱা আৰু আবৃত্তি প্ৰশিক্ষক হিচাবে সৰ্বভাৰতীয় সঙ্গীত ও সংস্কৃতি পৰিষদ, কলিকতা ৰ স্বীকৃতিপ্ৰাপ্ত কাব্য কানন, গুৱাহাটীৰ প্ৰশিক্ষিকা আবৃত্তি বিশাৰদ মীনাক্ষী দেৱী আৰু মঞ্জুলা দেবীয়ে। ১৭ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণৰ সামৰণি ‍ নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰশিক্ষাৰ্থী সকলৰ শ্ৰুতিমধুৰ দলীয় আবৃত্তি, কণমানি ছাত্ৰ-ছাত্ৰী সকলৰ জনপ্ৰিয় সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীতৰ আধাৰত প্ৰদৰ্শন কৰা নৃত্য ই উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷ আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সামৰণি অনুষ্ঠানত মূখ্য অতিথি হিচাবে অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰীতা বৰা শইকীয়াই এক তত্ব গধুৰ বক্তৃতাৰে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে। সামৰণি অনুষ্ঠানত ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ অৱসৰপ্ৰাপ্ত ডেপুটি ডাইৰেক্টৰ তাপস কুমাৰ প্ৰামাণিক, বিশিষ্ট সাংস্কৃতিক সংগঠক দীপাঙ্কৰ কলিতা, নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱণী শৰ্মা, বিশিষ্ট গীতিকাৰ-সুৰকাৰ গিৰীশ শৰ্মা, বিশিষ্ট সমাজ সংগঠক ওপৰ চছল বিহু সম্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নৱ কুমাৰ মুদৈ, হিন্দী পূৰ্বোদয় কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ সন্তোষ কুমাৰ দাস আৰু যুৱ নেতা হৃদয় ৰঞ্জন দাস আদি ব্যক্তি সকলে ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতাই মুখ্য অতিথি, সন্মানীয় অতিথি সকলৰ লগতে সকলোকে কৰ্মশালাৰ সফল সামৰণিৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে‌‌।