চচলত ‘কা’ বাতিল সন্দৰ্ভত ‘জোঁৰ প্ৰতিবাদ’
ৰঙিলী বাৰ্ত্তাসেৱা- নাগৰিকত্ব সংশোধনী আইন ২০১৯ বলৱৎকৰণৰ বিৰোধিতা আৰু বাতিলৰ দাবীত দহটাতকৈ অধিক সংগঠনৰ ঐক্যবদ্ধ মঞ্চ “কা বিৰোধী জাতীয় মঞ্চ”ৰ উদ্যোগত আজি সন্ধিয়া ৬-০০ বজাত মহানগৰীৰ চচলস্থিত নিৰ্দ্ধাৰিত ধৰ্ণাস্থলিত “জোঁৰ প্ৰতিবাদ” কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদী সকলে হাতে হাতে প্লেকার্ড আৰু জোঁৰ লৈ কা বাতিল কৰক, বিজেপি চৰকাৰ মূৰ্দাবাদ, হিমন্ত বিশ্ব মূৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে। প্ৰায় আধা ঘন্টা সময় ধৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। জোঁৰ প্ৰতিবাদী কাৰ্য্যসূচীত অনুসূচিত জাতি যুৱ ছাত্র পৰিষ, অসমৰ কেন্দ্রীয় সাধাৰণ সম্পাদক জিতু কাকতি, কৃষক শ্রমিক পৰিষদৰ সভাপতি প্ৰদীপ কলিতা, অসমীয়া যুৱ মঞ্চৰ ৰিতুৰাজ শইকীয়া, দেউৰী জাষ্টিচ ফৰামৰ সভাপতি সঞ্জীব চিৰাম দেউৰী আদিয়ে অংশগ্রহণ কৰি কোনো কাৰণে কা নামানো বুলি ঘোষনা কৰে।