চ’ক বজাৰবাসীৰ বিননি কোনে শুনিব ?
দেবর্ষি গৌতম, বনগাঁও
ৰাতিপুৱা নিজৰ দোকানখন খুলি পূজা অৰ্চনা কৰি ব্যৱসায় আৰম্ভ কৰাৰ পিছত ৰাতি আকৌ বস্তু বাহানি সামৰি পিছদিনালৈ বুলি বন্ধ কৰি সকলো ব্যৱসায়ী ঘৰলৈ গৈছিল। কিন্তু পিছদিনা ব্যৱসায়ী সকলে দোকান খুলিবলৈ আহি যি পৰিস্থিতিৰ সন্মুখীন হল তেনেকুৱা এটা অভাৱনীয় পৰিস্থিতি কাৰো জীৱনতে কাম্য নহয়। আচলতে প্ৰাৰম্ভিক তথ্য অনুসৰি যোৰহাট জিলাৰ চ’ক বজাৰৰ এখন দোকানত বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। সেই এখন দোকানৰ পৰা সূত্ৰপাত হোৱা অগ্নিৰ লেলিহান শিখাই এখন দুখনকৈ প্ৰায় তিনিশ খনৰো অধিক দোকান আৱৰি ধৰে। কিছু সময়ৰ ভিতৰতে প্ৰতি দিনে মানুহৰ সমাগমৰে গিজগিজাই থকা তথা সমগ্ৰ যোৰহাট জিলাৰ ভিতৰতে জনপ্ৰিয় চ’ক বজাৰক জুইৰ লেলিহান শিখাই আৱৰি ধৰি সৰু-বৰ বহুতো সপোন মোহাৰি পেলাই। উপাৰ্জনৰ একমাত্ৰ পথ নিজৰ দোকান খন পুৰি চাৰখাৰ হৈ যোৱা দেখি বিষাদত হৃদয় উচুপি উঠে। পুলিচ প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত নেৰা নেপেৰা প্ৰচেষ্টাত এই জুই নিয়ন্ত্ৰণ হয় যদিও সকলো পুৰি চাৰখাৰ হৈ যায়। এই ঘটনাৰ পিছত বিভিন্ন প্ৰশ্ন সন্মুখলৈ আহিছে। অগ্নি নিৰ্বাপক বাহিনীৰ অগ্নি নিৰ্বাপন কৰা বাহন অনবৰতে যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সাজু হৈ নাথাকে নেকি ? সৰু-সুৰা ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাহিৰে অগ্নি নিৰ্বাপক বাহিনী ডাঙৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় নেকি ? আচলতে স্থানীয় ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীত পৰ্য্যাপ্ত পৰিমাণে পানী নাছিল। যাৰ ফলত এই জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজনকৈ অধিক সময়ৰ খৰছ কৰিব লগীয়া হয়। আচলতে প্ৰতিটো বিভাগৰ সক্ষমতাৰ খতিয়ান এনেকুৱা কিছুমান ডাঙৰ ঘটনাৰ পিছতহে জলজল পটপট হৈ ওলাই পৰে। যদি সচাকৈ কিবা বিভাগীয় গাফিলতিৰ ফলত এনেকুৱা এটা ডাঙৰ ঘটনা সংঘটিত হবলৈ পালে তেনেহলে ইয়াৰ বাবে দায়ী কোন হব ? এই ঘটনাত সর্বস্ব হেৰুৱাই দিক বিদিক হেৰুৱাই পেলোৱা লোক সকলৰ বাবে চৰকাৰ অথবা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব ? এই ঘটনা সংঘটিত হোৱাৰ আঁৰৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ এক নিৰপেক্ষ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰা হব নে ? এই ঘটনাত ভুক্তভোগী লোকসকলে অনা অভিযোগৰ সত্যতা প্ৰমাণ কৰাৰ বাবেও এক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাটো দৰকাৰী কিয়নো এই তদন্তৰ পৰাহে পোহৰলৈ আহিব যে এই ঘটনাৰ ভয়াবহতা স্বাভাৱিক আছিল নে অন্য কিবা গাফিলতিৰ বাবে এনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হবলৈ পালে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পবলৈ এতিয়া ভুক্তভোগী লোকসকলে চৰকাৰ প্ৰশাসনৰ উপৰিও অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীৰ মুখলৈ বৰ আশাৰে বাট চাই আছে।