চকু মেলোতেই আই
বলিন বৰদলৈ
আলামি, গোলাঘাট
চকু মেলোতেই আই
তই পিন্ধালি দুখৰ কামিজ
শিলৰ কৱচ-
শেলুৱৈ গজা সপোনক
দেখুৱালি সুখৰ সপোন বুলি
দেখুৱালি এন্ধাৰৰ বাট
তথাপিও হাঁহি হাঁহি জীয়াই আছোঁ
সংগ্ৰাম কৰি আছোঁ
শেষ বাৰৰ বাবে চকু মুদালৈ
তই সুখী হওঁ বুলিয়েই
সকলোৱে মোক উপহাস কৰে
ভাই-ভনীৰ মূৰ খোৱা বুলি
কিন্তু মইনো কি কৰিলোঁ
নিষ্ঠুৰ নিয়তিয়ে কাঢ়িলে সকলো
থাকিবলৈ ঠাই নহ’ল ।
জগা কাঠ নহৈ আই
তই সুস্থ হোৱা হ’লে
উপহাসৰ পাত্ৰ নহ’লোহেঁতেন মই
আই তই পিন্ধোৱা দুখৰ কামিজ
শিলৰ কৱচ – হাঁহি হাঁহি
পিন্ধি থাকিম আজীৱনলৈ…