চকু মেলিছে ৰঞ্জনে ; দৰিদ্ৰ পৰিয়ালটোক লাগে এতিয়া ৰাইজৰ সহায় ;
বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ অৰূপে দেখুৱালে আদৰ্শ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অৰূপ কুমাৰ শইকীয়া আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ। দৃষ্টি শক্তিত দুৰ্বল এইগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰৰ কাৰ্যত স্তম্ভিত হৈ পৰে শ্ৰেণী শিক্ষক জীৱন চন্দ্ৰ বৰা। আজি ছাত্ৰজনে এটা পঞ্চাশ টকাৰ নোট আনি শিক্ষকজনৰ হাতত গুজি দি কয়হি- চাৰ, ৰঞ্জন দালৈ পঠাই দিবচোন। প্ৰথমে অপ্ৰস্তুত হোৱা শিক্ষক গৰাকীয়ে লগে লগে ছাত্ৰজনক আনি ৰঞ্জনৰ চিকিৎসাৰ ক্ষেত্ৰত পোনপটীয়াকৈ যোগাযোগত থকা শিক্ষক কমল দত্তৰ হাতত অৰ্পন কৰেহি। প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰগৰাকীৰ এনে কাৰ্যক প্ৰতিগৰাকী শিক্ষক – কৰ্মচাৰীয়ে শলাগ লৈছে। উল্লেখযোগ্য,যোৱা ১৪ ছেপ্টেম্বৰ তাৰিখে আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ মেধাবী ছাত্ৰ ৰঞ্জন জ্যোতি ৰজক কমলাবাৰীত সংঘটিত এটা স্কুটাৰ দুৰ্ঘটনাত অতি বেয়াকৈ আহত হয়। সৌভাগ্যক্ৰমে বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰবিন বৰা ক্ষন্তেক পিছতেই দুৰ্ঘটনা স্থলীত উপস্থিত হোৱাত তৎকালীনভাৱে ১০৮ ৰ যোগে গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও সেইদিনাই তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰিব লগা হয়। সেইদিন ধৰি কালিলৈকে সম্পূৰ্ণ অজ্ঞান অৱস্থাত ভেন্টিলেঞ্চনত থকা ৰঞ্জনে কালি বিয়লি সামান্য চকু মেলাত সকলোৰে মুখলৈ পানী আহিছে। মুৰ,পেট আৰু ভৰিত বেয়াকৈ জখম হোৱা ৰঞ্জনক লৈ চিকিৎসক, অভিভাৱক সকলো এক প্ৰকাৰ নিৰাশ হৈ পৰিছিল। কেৱল সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। দু:খত ম্ৰিয়মান হৈ পৰা বিদ্যালয়ৰ সমূহ শিক্ষক- কৰ্মচাৰী আৰু ছাত্ৰ – ছাত্ৰীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত জ্যেষ্ঠ শিক্ষক কমল দত্ত আৰু প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া সেইসময়ৰ পৰা যোৰহাট চিকিৎসালয়ত থাকি তত্বাৱধান কৰি থাকে। ইফালে জুগুনীধাৰী গাঁৱৰ যুৱকসকলে তৎকালীন ভাৱে গাঁৱৰ পৰা অৰ্থ সংগ্ৰহ কৰা, একেদৰে মহিলাসকলেও নামঘৰত প্ৰাৰ্থনা কৰা প্ৰত্যেকৰ পৰা অৰ্থসংগ্ৰহ কৰি সহায় কৰা মহানুভৱতা দেখুৱাই আহিছে। গাঁৱৰ পৰা প্ৰতিদিনাই ৰাইজৰ প্ৰতিনিধি যোৰহাটলৈ গৈ পৰিয়ালটোক সাহস দি আছে। উল্লেখ্য, আউনীআটী সত্ৰৰ ৰজক বৃত্তিৰ পাইক প্ৰয়াত নন্দ ৰজকৰ জী নাতি ৰঞ্জন জ্যোতি ৰজক। আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষতেই বাস কৰি জুগুনীধাৰী গাঁৱৰ খেলত থকা এই ৰজক পৰিয়ালটোৰ মুৰব্বী নন্দ ৰজকৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী যশোদা ৰজক বৰ্তমান অকলসৰে বাস কৰে। যশোদাৰ একমাত্ৰ পুত্ৰ কৃষ্ণ ( ৰূপজ্যোতি – সাংস্কৃতিক কৰ্মী) খোৱাং নিবাসী হোৱাৰ বিপৰীতে একমাত্ৰ জী ববিতাও খোৱাঙলৈ বিবাহ হোৱাত বয়সীয়াল আৰু অসুস্থ আইতাকক সহায়ক ৰূপে ৰঞ্জন অষ্টম শ্ৰেণীৰ পৰা আইতাকৰ লগত আছিলহি। শাক- পাচলিৰ সামান্য ব্যৱসায়ৰে পৰিয়ালটো পোহ- পাল দি আহিছিল পিতৃয়ে। গতিকে সেই দৰিদ্ৰ পৰিয়ালটোৰ এই মেধা ছাত্ৰজনক লৈ বিদ্যালয়ৰ বহু আশা আছিল আৰু তেওঁৰ পঢ়া- শুনাত বিদ্যালয়ে যিমান পাৰে সহায় আৰু তত্বাৱধান লৈ আহিছিল। নৱম শ্ৰেণীত তেওঁ মেধা ভিত্তিত ইছৰো ভ্ৰমণ কৰা, আৰোহণ আঁচনিৰ মেন্টি ৰূপে নিৰ্বাচিত,এনএমএমএচ স্কলাৰশ্বিপ লাভ কৰা ৰঞ্জন দশম শ্ৰেণীৰ অন্যতম মেধা ছাত্ৰ । সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসকৰ নেৰানেপেৰা চেষ্টা আৰু ঈশ্বৰৰ কৃপাত সামান্য উন্নত হোৱা ৰঞ্জনৰ বাবে এতিয়া আৰ্থিক সাহায্যৰে প্ৰয়োজন হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে যি যেনেদৰে পাৰে অৰ্থ আগবঢ়াই প্ৰধান শিক্ষকৰ হাতত জমা কৰিছে। আউনীআটী সত্ৰত চলা মাহজোৰা ভাগৱত পাঠত সংগৃহিত পূজিঁৰ পৰাই কিছু আগবঢ়াব বুলি জানিব পৰা গৈছে। ইফালে চিকিৎসালয়ত অধীক্ষক মানৱ গোহাঁইৰ প্ৰত্যক্ষ তত্বাৱধানত বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আৰু অন্যান্য বিষয়া কৰ্মচাৰীয়ে ৰঞ্জনৰ এটেণ্ডেনসকলক সা- সুবিধা দিয়া তথা তেওঁৰ খা- খৱৰ লৱলৈ যোৱাসকলক সহায় কৰাত সহযোগিতা আগবঢ়াইছে। ছাত্ৰগৰাকীৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক বুলি বিদ্যালয়ে আহ্বান জনাইছে।