চকুলো টুকি কাছাৰ এৰিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে

Pc The Janambhumi

চকুলো টুকি কাছাৰ এৰিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- অশ্ৰুসিক্ত নয়নেৰে কাছাৰ এৰিলে উপায়ুক্ত কীৰ্তি জল্লীয়ে।কাছাৰৰ নতুন উপায়ুক্ত হিচাপে দ্বায়িত্ব ল’লে ৰহন কুমাৰ ঝাই। কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীক বদলি কৰি কামৰূপ গ্ৰাম্যৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।তেওঁৰ লগতে আন বহুকেইগৰাকী উপায়ুক্তক বদলি কৰা হৈছে।কীৰ্তি জল্লীক মে’ মাহত কাছাৰৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।নিজৰ কৰ্মপদ্ধতিৰে জনপ্ৰিয় হৈ পৰা উপায়ুক্ত কীৰ্তি জল্লীয়ে বানৰ সময়তো সকলোৰে প্ৰশংসা লাভ কৰিছিল।উপায়ুক্তগৰাকীৰ এনে কৰ্তব্যনিষ্ঠাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিছিল।বন্যাৰ্তৰ কাষত থিয় হৈ অনবৰতে সুখ দুখৰ বুজ লোৱা উপায়ুক্তগৰাকীৰ কেইবাখনো আলোকচিত্ৰ আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।উল্লেখযোগ্য যে,১৯৮৯ চনত তেলেংগানাত জন্মগ্ৰহণ কৰা জল্লীয়ে ২৩ বছৰ বয়সতে আই এ এছ বিষয়া হৈছিল। ২০১২ চনত ইউ পি এছ চি ক্লিয়াৰ কৰিছিল।