চকুলো – এছ ইছলাম

চকুলো 
এছ ইছলাম, শিক্ষক, বৰপেটা
জৰ্জৰিত ভোকৰ তাৰণাত
বৈ যায় অশ্ৰু নৈ
নিগৰি নিগৰি আহা তুমি
তপ্ত চকুলো হৈ।
পেটৰ তীব্ৰ বিষ বেদনাত
ৰৈ থাকিব নোৱাৰা
ওলাই আহা টপটপকৈ
দুধাৰি চকুলো হৈ।
আকস্মিক মৃত্যুৰ শোকত
তুমি ওলাই যোৱা
অতি আনন্দৰ বাৰ্তা পোৱাত
তুমি নিগৰিত হোৱা ।
পিতৃ-মাতৃৰ বিয়োগত
হৃদয়ৰ নিভৃত কোঠাত
তুমি আছিলা স্তব্ধ হৈ
জীৱনৰ শুষ্ক নিজৰা বৈ।
হাঁহি আৰু কান্দোনৰ
ই অপূৰ্ব মিলন
এয়ে হায় তোমাৰ চিৰ প্ৰবাহিত
মানৱ জীৱন ।