চকুপানী – মুন শৰ্মা

অনুগল্প:
চকুপানী 
মুন শৰ্মা, লখিমপুৰ
“মা”, মোৰ ভোক লাগিছে।পাঁচ বছৰীয়া পুতেকে কান্দি আছে ,সেই বাবেই প্ৰমিলাৰ দুখ আৰু বেজাৰে হেঁচা মাৰি ধৰিছে।নিজৰ বুলিবলৈ কোনো নাই তাই আৰু তাইৰ পাঁচ বছৰীয়া ল’ৰাটো । অসুখ হোৱাৰ বাবে  আজি মহাজনৰ ঘৰত কাম কৰিব নোৱাৰিলে আৰু পাব লগা পইচা কেইটা ও দিম দিম কৈ দিয়া নাই তেনেকৈ দুদিন মান চলিল কিন্তু  আজি একে বাৰে চলিব নোৱৰা অৱস্থা সৃষ্টি হ’ল । গতিকে একো এটা যোগাৰ কৰিব নোৱাৰিলে তাৰ বাবে।দুখীয়া মানুহ কোনে দিব বিনা কাৰণত বিনা কষ্টত দুখীয়াৰ ভাগ্য সদায় আন্ধাৰতে থাকে  ভাবি ভাবি চকুপানী ওলাই আহিল তাইৰ পুতেকৰ মাতত  বাস্তৱ লৈ আকৌ উভতি আহিল   প্ৰমিলা।পুতেককৰ ফালে চাই মনতে কলে বোপাই মোক ক্ষমা ক’ৰ টোৰ বাবে একো  গোটাব নোৱাৰিলোঁ আজি ।তাই তাৰ পাছত লাহে কৈ তাক বুকুৰ মাজত সুমোৱাই উচুপি থাকিল বহুত সময়।।