চকুপানী
আয়নাল হক,ধুবুৰী
সুখৰ হাঁহি
দুখৰ চকুপানী
এয়াই জীৱনৰ চিৰ লগৰী।
নিঃসঙ্গ বুলি ভাবিবলৈ
একোৱেই নাই দেখোন।
নীৰৱতাৰ মাজতো মানুহ নহয় নিঃসঙ্গ।
এই যে আমাৰ অনুভূতিবোৰ
সিহঁতে আমাক অকলে থাকিবলৈ নিদিয়ে।
মানুহ কাৰো স্থায়ী সঙ্গী নহয়
কিন্তু অনুভূতি —-?
অনুভূতিয়ে লগ নেৰে কোনোদিনে।
দুখত চকুপানী টুকিব পাৰিলেহে
দুখ হজম কৰিব পাৰি।
কিন্তু দুখত মৌন হৈয়ে থাকিলে
মানুহ মানসিক ভাৰসাম্যহীনতাতো ভুগিব পাৰে।
চকুপানীয়ে দুখৰ প্ৰত্যাহ্বান জনাবলৈও
পৰোক্ষভাৱে সহায় কৰে।
পুনৰ কাৰ্যক্ষম কৰে।
নাভাবিবা চকুপানীৰ মূল্য নাই বুলি।
দুখৰ অন্তত আহে সুখৰ হাঁহি।