চকবজাৰত চেল্যুট ত্ৰিৰংগাৰ পেহেলগামৰ পৰ্যটক শ্বহীদক শ্ৰদ্ধাঞ্জলি
ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী জিলাৰ চকবজাৰস্থিত জিলা লেখক সভাৰ কাৰ্যালয় প্ৰাংগনত চেল্যুট ত্ৰিৰংগাৰ উদ্যোগত আৰু লেখক সভা,মিলিজুলী সাংস্কৃতিক গোষ্ঠীৰ সহযোগত কাশ্মীৰৰ পেহেলাগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰামণ নিহত ২৮ গৰাকী পৰ্যটক শ্বহীদৰ পবিত্ৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হয়। চেল্যুট ত্ৰিৰংগাৰ জিলা মুখপাত্ৰ প্ৰাঞ্জল শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ আদিতে ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰিয়ংকু নাৰায়ণ বৰুৱা, জিলা অধ্যক্ষ ধ্ৰুৱজ্যোতি বৰ্মন,সাধাৰণ সম্পাদক ৰূপম তালুকদাৰ,লেখক সভাৰ সভাপতি অৰ্জুন সেন ডেকা,কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ দলৈ, উপ সভাপতি দিলীপ কুমাৰ শৰ্মা,উপদেষ্টা উমেশ শৰ্মা, শিক্ষাব্ৰতী দিনেশ কলিতা, সম্পাদক বিজয় বৰুৱা, বিষয়ববীয়া কিশোৰ ডেকা, ৰেণু কুমাৰী পাঠক,মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়া শেৱালী কাকতি, ৰিংকু দত্ত,দিপিকা লহকৰ, ক্ষিৰোদা দাস,মহিলা নেত্ৰী মুন্না বৰ্মন,যুৱ সংগঠক পাৰ্থপ্ৰতিম ডেকা সহ বহুসংখ্যক ৰাইজে বন্তি প্ৰজ্বলন,মাল্যাৰ্পন কৰি স্মৰণ কৰাৰ লগতে পাকিস্তান মুৰ্দাবাদ,সন্ত্ৰাসবাদ নিপাত যাওক,পাকিস্তান হায় হায় আদি শ্লোগান দি পাকিস্তানক ধিক্কাৰ দিয়ে।অনুষ্ঠানত চেল্যুট ত্ৰিৰংগাৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰিয়ংকু নাৰায়ণ বৰুৱাই কয় যে সন্ত্ৰাসবাদক কৌশলকৈ প্ৰেৰণা দিয়া পাকিস্তানে নিজক শুধৰণি কৰা দৰকাৰ। তাকে নকৰি সন্ত্ৰাসবাদক উদগণি দি থাকিলে ভাৰত চৰকাৰে প্ৰত্যুত্তৰ দিয়া উচিত বুলি দোহাৰে।
