ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক অপমান বিধায়ক আমিনুল ইছলামৰ

pc the print

ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক অপমান বিধায়ক আমিনুল ইছলামৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ইউ ডি এফৰ মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে প্রতিগৰাকী ভাৰতীয় স্বাভিমান, জাতীয়তাবান, আত্মসম্মানত কুঠাৰঘাত হানিছে। বিধায়ক ইছলামে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এইবছৰ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে তিনিদিনীয়া কাৰ্যসূচীৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ জনোৱা আহ্বানক প্ৰত্যাহ্বান  জনাইছে। ঘৰ ঘৰ ত্ৰিৰংগা অভিযানৰ কাৰ্যতঃ বিৰোধিতা কৰি ৰাষ্ট্ৰদ্ৰোহীৰ ভুমিকাত অৱতীৰ্ন হৈ বিধায়ক ইছলামে কয় যে এই বিযয়ত তেওঁৰ আপত্তি আছে । তিনি দিন প্ৰত্যেক পৰিয়ালকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ চৰকাৰে বাধ্যতামূলক কৰি স্বাধীনতাৰ নামত নতুন নাটক কৰিছে। জাতীয় পতাকা উৰুৱালেই দেশপ্ৰেম প্ৰমাণ নহয়। চৰকাৰৰ এই সিদ্ধান্ত অনুসৰি প্ৰতিটো পৰিয়ালে ২০ টকাকৈ ব্যয় কৰি ৰাষ্ট্ৰীয় পতাকা কিনিব লাগিব। দেশৰ ১৩০ কোটি মানুহে ২০ টকাত পতাকা ক্ৰয়ৰ নামত ২,৬০০ কোটি টকা ব্যয় হ’ব। অসমতো ৫৫ লাখ পতাকা কিনিব লাগিব। এয়া দেখা দেখিকৈ ব্যবসায়। তেওঁ লগতে কয় যে ইতিমধ্যে তেওঁক যিসকলে গাড্ডাৰ বুলি অভিহিত কৰিছে, যিসকলে তেওঁক বাংলাদেশত গৈ পতাকা উত্তোলন কৰিবলৈ কৈছে, তেওঁলোক হৈছে আৰ এছ এছৰ ছাত্ৰ। আৰ এছ এছৰ ছাত্ৰৰ পৰা ভাৰতৰ স্বাধীনতা, জাতীয় পতাকাৰ মোল ল’বলগীয়া নাই। বিধায়ক ইছলামৰ এই মন্তব্যৰ পাছতেই ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। শাসক দল বিজেপি, বিৰোধী দল কংগ্ৰেছে একমুখে বিধায়ক ইছলামক ধিক্কাৰ দিছে। ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ত্ৰিৰংগা উত্তোলনক লৈ বিতৰ্ক হোৱাক লৈ আচৰিত। চৰকাৰে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ জনসাধাৰণক ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনাইছে, কাকো জোৰ-জুলুম কৰা নাই। অৱশ্যে আমিনুল ইছলাম আৰু তেওঁৰ সমৰ্থকসকলে ত্ৰিৰংগা উত্তোলন নকৰাৰ বিষয়ে জানেই বুলি উল্লেখ কৰি কয় যে যোৱা ৭৫ বছৰে তেওঁলোকে ত্ৰিৰংগা উত্তোলন কৰা নাই ।