ঘৰৰ মাটিত নিৰ্লজ্জ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিখনীয়া টেষ্ট শৃংখলাৰ দুখন মেচত শোচনীয়ভাৱে পৰাজয়বৰণ কৰি ঘৰৰ মাটিতে শৃংখলা হেৰুৱালে ৰোহিত বাহিনীয়ে।পুনেত অনুষ্ঠিত দ্বিতীয়খন টেষ্টতো ভাৰতক মাত্র তিনিদিনতে সহজে পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰাই নহয়, ভাৰতৰ ভূমিত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰে। এইদৰে ভাৰতক প্ৰথমবাৰৰ বাবে নিজৰ ঘৰতে টেষ্ট শৃংখলাত পৰাস্ত কৰিছে নিউজিলেণ্ডে। সমান্তৰালকৈ ভংগ হৈছে টেষ্ট ক্রিকেটত ভাৰতীয় দলৰ এক ঐতিহাসিক ধাৰা। পুনে টেষ্টত পৰাজয়ৰ লগে লগে ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতৰ ১২ বছৰীয়া অনন্য জয়ৰ ধাৰা ভংগ হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় দল ২০১২-১৩ চনত ইংলেণ্ডৰ বিপক্ষে অন্তিমবাৰ টেষ্ট শৃংখলাত পৰাস্ত হৈছিল। তেতিয়াৰ পৰাই ঘৰুৱা মাটিত ভাৰতীয় দলৰ আধিপত্য অব্যাহত আছিল। এই সময়ছোৱাত ভাৰতীয় দলে একেলগে ১৮টা টেষ্ট শৃংখলা জয় কৰিছিল যদিও নিউজিলেণ্ডে এই জয়ৰ ধাৰা ৰুদ্ধ কৰে। একে সময়তে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘৰুৱা মাটিত চতুৰ্থখন টেষ্টত পৰাস্ত হৈছে। এইদৰে ৰোহিত সর্বাধিক ঘৰুৱা টেষ্টত পৰাস্ত হোৱা ভাৰতীয় অধিনায়কৰ ক্ষেত্ৰত যৌথভাৱে দ্বিতীয়জন অধিনায়ক হিচাপে পৰিগণিত হৈছে। পুনে টেষ্টত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু দলটোৱে প্রথম ইনিংছত ২৫৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলে প্রথম ইনিংছত মাত্র ১৫৬ ৰানহে সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত নিউজিলেণ্ডে দ্বিতীয় ইনিংছত ২৫৫ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলৰ সন্মুখত ৩৫৯ ৰানৰ কঠিন লক্ষ্য বান্ধি দিয়ে। কিৱিৰ স্পিন বলিং আক্ৰমণৰ সন্মুখত দিশহাৰা হৈ পৰা ভাৰতীয় বেটিং লাইনআপে এই লক্ষ্য অতিক্রমত চূড়ান্তৰূপে ব্যর্থ হয়। কিৱি দলৰ সন্মুখত একমাত্ৰ ভাৰতীয় বেটাৰৰূপে কিছু প্ৰতিৰোধ গঢ়ি তুলি ৭৭ ৰান সংগ্ৰহ কৰে যশস্বী জয়ছোৱালে। দলৰ আন বেটাৰসকলৰ ব্যৰ্থতাৰ পৰিণতিত ভাৰতে মাত্র ২৪৫ ৰানত দ্বিতীয় ইনিংছ সামৰি ১১৩ ৰানত পৰাজয় স্বীকাৰ কৰে। ভাৰতীয় দলৰ এই লজ্জাজনক পৰাজয়ৰ মূল কাৰণ হৈ পৰে নিউজিলেণ্ডৰ তাৰকা স্পিনাৰ মিচেল ছাণ্টনাৰ। মেচখনৰ প্ৰথম ইনিংছত ৫৩ ৰানৰ বিনিময়ত ৭টাকৈ উইকেট দখল কৰা ছাণ্টনাৰে দ্বিতীয় ইনিংছতো ৬টা উইকেট দখল কৰে। টেষ্টখনত মুঠ ১৩ টাকৈ উইকেট দখলেৰে ভাৰতৰ মুখৰ পৰা প্ৰায় অকলেই জয় কাঢ়ি নিয়ে ছাণ্টনাৰে।