ঘৰুৱা আর্বজনাৰ সুব্যৱস্থা
দুলুমণি দেৱী,মাকুম
আমি জানো যে আৰ্বজনাৰ পৰা নানা সমস্যাৰাজি সৃষ্টি হয় ৷ ঘৰুৱা আর্বজনা বুলি ক’লে সাধাৰণতে আমি ঘৰত যিবিলাক অলাগতিয়াল বস্তু য’ত ত’ত পেলায় বিনন্দীয়া বিতোপন পৰিবেশৰ ওপৰত কুপ্রভাৱ পেলাবলৈ চেষ্টা কৰো তাকে বুজো ৷এই আর্বজনাৰ কাৰণে ওচৰ চুবৰীয়াৰ মাজত তর্ক বিতর্ক হয় ,আৰু ইয়ে সমাজত প্রভাৱ পেলায়৷বিশেষকৈ ঘৰৰ আর্বজনাবোৰ প্রায়ে দেখা যায় যে য’তে ত’তে দ’ম কৰি থোৱা হয় আৰু বহুতেই পলিথিনৰ টোপোলাত জাবৰবোৰ ভৰাই য’তে ত’তে পেলাই থৈ আহে ,তাৰ পাছত কুকুৰ ,মেকুৰীয়ে সেইবোৰ টানি আজুৰি ৰাস্তাৰ মাজলৈকো লৈ আনে ৷ তাৰ পৰা কেৱল ওচৰ চুবুৰীয়াই যে অপকাৰ হয় তেনে নহয় ৰাস্তাইদি যোৱা হাজাৰজন মানুহৰ অপকাৰ হয় ,জাবৰৰ গেলা পচা গোন্ধ লৈ , নাক বন্ধ কৰি যাবলগা পৰিস্থিতিৰো উদ্ভৱ হয়৷
আর্বজনাবোৰ নিৰাময়ৰ বাবে টাউন কমিটিয়ে গাড়ীৰ সুব্যৱস্থা কৰিছে ,চৰকাৰে ইমানখিনি সুবিধা দিয়া স্বত্বেও যদি আমি সচেতন হব নোৱাৰো তেন্তে আদিম অৱস্থাপ্রাপ্ত মানুহ আৰু আমাৰ কিছুসংখ্যক তেনে শাৰীতে পৰিব ৷এই কথাখিনি এই কাৰণেই কব লগা হৈছে বহনক্ষম জীৱনশৈলী অতি প্রয়োজন৷
মানৱ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ হলে বহনক্ষম জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিবই লাগিব ৷ ভৱিষ্যত প্রজন্মৰ প্রয়োজন পুৰণৰ বাবে চৌপাশৰ জগতখনক সেউজীয়া কৰি ৰাখিলেহে সর্বাংগীন বিকাশ সম্ভৱপৰ হ’ব৷ আমাৰ জীৱনশৈলীৰ পচন্দই মানৱ অৱস্থা উন্নত কৰিব পাৰিছেনে বা পৰিবেশ পৰিস্থিতিৰ ওপৰত কেনেদৰে প্রভাৱ পেলাইছে সেয়া গুৰুত্বপুর্ণ বিষয় হৈ পৰিছে ৷
বহনক্ষম জীৱন যাপন কৰিবলৈ হলে আমি আত্ম নির্ভৰশীল হবলৈ শিকিবই লাগিব৷পৰিবেশ প্রদুষণ যুক্ত যিবিলাক কর্ম আছে সেইবিলাক ৰোধ কৰিবলৈ হলে নিজস্ব কিছুমান কার্যৰো প্রয়োজন ৷আধুনিক যান বাহন বা অত্যাধুনিক যন্ত্রপাতি প্রয়োগৰ যেনেদৰে যথেষ্ট সুবিধা আছে ,ঠিক তেনেদৰে পৰিবেশৰ ভাৰসাম্য ৰখাত ,সুস্থ স্বাস্থ্য বর্তাই ৰখাত ,সুস্থ অভ্যাস গঢ়াত বাধাও দিব পাৰে ,আৰু সেইখিনি নির্ভৰ কৰিব প্রয়োগৰ ওপৰত ৷ খোজ কঢ়া অভ্যাসে যেনেকৈ সুস্থ স্বাস্থ্য বর্তাই ৰাখে ঠিক তেনেকৈ ঘৰতে প্রস্তুত কৰা খাদ্যইও দেহটোক নিৰোগী কৰি ৰাখে ৷হোটেলৰ পৰা পেকেটত বন্ধা খাদ্যসমুহে পেটৰ অপকাৰ কৰাৰ লগতে পেকেটিং পেপাৰ কিমান যে পৰিবেশৰ বাবে বিপদজ্জনক হ’ব পাৰে সেয়া সকলোৰে অৱগত ৷ আর্বজনা সৃষ্টি কৰাটো স্বাস্থ্যসন্মত নহয়৷ যন্ত্রচালিত সামগ্রীৰ পৰা নির্গত হোৱা ধোঁৱাই যেনেকৈ পৰিবেশৰ ওপৰত প্রভাৱ পেলায় ঠিক তেনেকৈ আর্বজনা সৃষ্টি কৰা পদার্থবিলাকেও পৰিবেশ যথেষ্ট পৰিমানে কলুষিত কৰে৷ প্লাষ্টিক আর্বজনাবোৰ মাটিত পচি নাযায়৷পৃথিৱীত যিমান মানুহ আছে প্রতিদিনে আমি যদি আৰ্বজনাবোৰ য’ত ত’ত পেলাই যাও সেইবোৰ বহন বছৰলৈকৈ নপচাকৈ থাকে আৰু পৰিবেশৰ ওপৰত ব্যাপক প্রভাৱ পেলায় ৷ ঘৰুৱা জাবৰবোৰ ঘৰতে ৰাখি তাৰ পৰা জৈৱিক আৰু অজৈৱিক সাৰ তৈয়াৰ কৰিব পৰা যায় ৷ সেই সাৰ ফলৰ গছ ,ফুলৰ গছত দিব পাৰে ৷ সকলো দিশ আমি চাই কাম কৰিব লাগিব৷
ৰাস্তাৰে যেতিয়া আমি খোজকাঢ়ি যাওঁ,আমি কিছুমান নিয়ম মানি চলো ,বাওঁদিশ ,সোঁদিশ,ইত্যাদি দিশসমুহ প্রত্যক্ষ কৰো ,গাড়ীমটৰৰ সমাগম লক্ষ্য কৰিহে ৰাস্তা পাৰ হওঁ ইত্যাদি ,এইখিনি ঠিকমতেই কৰা হয় ,কিন্ত এটা কামহে আমি প্রায়ে ঠিকমতে নকৰো সেইটো হৈছে খোজকাঢ়ি যাওঁতেই হওঁক বা গাড়ীত গৈ থাকোতেই হওঁক আমাৰ হাতত থকা অলাগতিয়াল বস্তবোৰ যেনে পলিথিন ,বটল ,নানা পেকেট ইত্যাদি যতে ততে পেলাই থৈ যাওঁ ৷পেলোৱাৰ সময়ত এবাৰো ভাবি নাচাও সেইখিনিয়ে যে আমাৰ কিমান অপকাৰ কৰিব পাৰে ,মাটি প্রদূষণ বায়ু প্রদূষণ ইত্যাদিৰ মুল কাৰণ যে সেইবিলাকো হ’ব পাৰে সেয়া আমি চিন্তা কৰা উচিত নহয়নে ? এই ক্ষেত্রত ডাষ্টবিনৰ ব্যৱহাৰ আমি কিমানে কৰো ? ঠায়ে ঠায়ে ডাষ্টবিন আছে যদিও সেয়া কিমান ব্যৱহাৰ হয় লক্ষণীয় ৷ প্রায়ে দেখা যায় চলন্ত গাড়ীৰ পৰা পেকেট দলিয়াই দিয়ে ,বটল দলিয়ায় থৈ যায় ,পিক পেলাই দিয়ে ,সেয়া কত পৰে বিচার্য বিষয় বুলি ধৰি নলয় ,কিন্ত সেয়া মন কৰিবলগীয়া কথা ,ৰাস্তাৰে গৈ থাকোতে বুঢাৰ পৰা ডেকালৈকে অজস্র মানুহ অহা যোৱা কৰে ,সেই লেতেৰাখিনি যদি গাত পৰে কেনে অৱস্থা হব পাৰে,তেনে অৱস্থাত মনৰ পৰা ওলোৱা কথাষাৰে কিমান আঘাত দিব পাৰে আমি ভাবি চোৱা উচিত ৷ ৰাস্তাত খোজকঢ়া বা অহা যোৱা কৰাৰ দৰে নিয়মৰ ভিতৰত এইটোও এটা নিয়ম ,জাবৰ জোথৰ যতে ততে নেপেলোৱাটো এটা সক্রিয় নিয়ম হব লাগে৷ ,এখন নিকা অসমৰ বাসিন্দা হবলৈ হলে ডাষ্টবিনৰ ব্যৱহাৰও অতি গুৰুত্বপুর্ণ ৷ প্রায়ে দেখা যায় চাইনবর্ডত লেখা থাকে” জাবৰ ইয়াত নেপেলাব ” কিন্ত বহুত ঠাইত চাইনবর্ড খনৰ কাষতে জাবৰৰ দ’ম ,এনে মানসিকতা যদি থাকে ,তেন্তে কেনেকৈ পৰিবেশ সুস্থ হ’ ব ,পৰিবেশ সুস্থ ৰাখিবলৈ পৰিবেশ দিৱসেই যথেষ্ট নহয় ,প্রত্যক দিনাই চাফ চিকুণতা লগতে সুস্থ মানসিকতা প্রয়োজন আছে ৷
