ঘৰলৈ লক্ষ্মী আহিছে,ঘুৰাই পঠিয়াব নাপায়ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Pc The Janambhumi

ঘৰলৈ লক্ষ্মী আহিছে,ঘুৰাই পঠিয়াব নাপায়ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ চিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ৪১ গৰাকী মন্ত্ৰী-বিধায়কে গুৱাহাটীত বাহৰ পাতিছে।শিৱসেনাৰ বিসম্বাদী মন্ত্ৰী-বিধায়কসকলে অসমৰ শাসনাধীস্থ বিজেপি দল আৰু চৰকাৰৰ আতিথ্যত গুৱাহাটীৰ তাৰকাযুক্ত হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতিছে।যিসময়ত সমগ্ৰ দেশৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটী,সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এক আশ্চৰ্যকৰ মন্তব্য।আজি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে,”ঘৰলৈ লক্ষ্মী আহিছে৷ঘৰলৈ অহা লক্ষ্ণীক ঘুৰাই পঠিয়াব নাপায়৷এই সময়ত অসমত কেউদিশে বান৷গতিকে এনে সময়ত বেলেগ ৰাজ্যৰ পৰা কোনোবা আহি হোটেলত থকা মানে জি এছ টিৰ জড়িয়তে চৰকাৰে টেক্স পাব।এই সময়ত পইচা লাগে, তেওঁলোক অহা বাবে হোটেলে টকা পাব।বানপানীৰ সময়ত মানুহ আহিছে,ভাল কথা।মই বিচাৰো আৰু মানুহ বিভিন্ন ৰাজ্যৰ পৰা বা বিদেশৰ পৰা অসমলৈ আহক৷হোটেলত থাকক৷বানপানীৰ এই জটিল সময়ত চৰকাৰৰ হাতলৈ অলপ ৰাজহ আহিব৷”