ঘৰবোৰ – মৃগাংক বৰুৱা

ঘৰবোৰ

মৃগাংক বৰুৱা
ব্যংগাওঁ(কছাৰীহাট),গোলাঘাট

ওখ ওখ কংক্ৰিকটৰ ঘৰবোৰ হ’ল
আজিকালি ঘৰবোৰৰ ভিতৰতে
আৰু এখন ঘৰ হ’ল
ঘৰবোৰৰ মাদকতা যে নাইকিয়া হ’ল
খিৰিকিৰ ৰেলিঙত মুখ গুজি
বৰষুণ চাবলৈ সময় নাইকিয়া হ’ল
সঁচা হৃদয়ৰ মৰমবোৰহে কমি গ’ল
গাড়ীবোৰো হৈ গ’ল লাখটকীয়া
সমন্ধবোৰ পিছে হ’ল নিশকতীয়া
সুখবোৰ কিয়
ফাইভষ্টাৰ,ৰিৰ্জটতহে বিচাৰিব লগা হ’ল
ব্যস্ততাৰ অজুহাতত আপোনেই পৰ হ’ল
ককা, আইতাৰ স্নেহ
সৰু কোঠাটোতে আৱদ্ধ হৈ ৰ’ল
দেওদিয়া পখিলাৰ পিছে পিছে খেদা
শৈশৱবোৰে কৰেনে অগাদেৱা
যেতিয়া একেখন চাদৰ তলত থাকি
নিংসংগতাক আঁকোৱালি লোৱা
মনত পৰেনে কোনোবা জনে কৈ যোৱা–
মানুহৰ মাজতহে বোলে প্ৰকৃত স্বৰ্গ
সেয়ে কোনো কোনো মানুহ মৰিয়ো অমৰ হয়
যেনেকৈ জ্যোতি, বিষ্ণু আজিও
মানুহৰ মাজত জিলিকি ৰ’য়…