ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ঘোষণা হ’ল ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা সামাজিক মাধ্য়মৰ জৰিয়তে এই পৰীক্ষাসমূহৰ দিন ঘোষণা কৰে ৷সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা আৰম্ভ হ’ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (SEBA) পৰীক্ষাটো আয়োজন কৰিব। একেদৰে মেট্ৰিক পৰীক্ষাৰ মাত্ৰ এদিন পিছতেই, অর্থাৎ ১১ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ (AHSEC) আয়োজন কৰা উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ চূড়ান্ত পৰীক্ষা।এই ঘোষণাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে আগতীয়া পৰীক্ষাৰ বাবে সকলো ছাত্র-ছাত্রীক আন্তৰিক শুভেচ্ছা জনাইছে।সময়সূচী অনুসৰি ২০২৬ ৰ ১০ ফেব্ৰুৱাৰীৰ ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ এম আই এল(MIL) বিষয়ৰে আৰম্ভ হ’ব এই পৰীক্ষা ৷ সূচী অনুসৰি ১০ ফেব্ৰুৱাৰীত এম আই এল, ১৩ ফেব্ৰুৱাৰী সমাজ বিজ্ঞান, ১৪ ফেব্ৰুৱাৰীত সংগীত, নৃত্য, উডক্ৰাফ্ট, হোম চায়েন্স, ১৬ ফেব্ৰুৱাৰীত ইংৰাজী, ২০ ফেব্ৰুৱাৰীত সাধাৰণ গণিত, ২৩ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান আৰু ২৪, ২৫, ২৬, ২৭ মাৰ্চত অনুষ্ঠিত হ’ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা ৷ আনহাতে, ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ । দুয়োবেলা অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ আগবেলা অৰ্থাৎ পুৱা ৯ বজাৰ পৰা আৰু পিছবেলা দিনৰ ১.৩০ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হ’ব।
