ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

PC- NDTV.com

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী। তিনিওটা শাখাতে ২০২৩ বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ঠ উন্নত। ২০২৩ বৰ্ষত কলা শাখাত উত্তীৰ্ণ হৈছিল ৭০.১২ শতাংশ ছাত্ৰ-ছাত্ৰী,  বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল ৮৪.৯৬ শতাংশ ছাত্ৰ-ছাত্ৰী আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হৈছিল ৭৯.৫৭ শতাংশ ছাত্ৰ-ছাত্ৰী।এইবাৰৰ ফলাফল অনুসৰি কলা শাখাত মুঠ ৪০, ৪৯৯গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৫,৫৩২গৰাকী শিক্ষাৰ্থী, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭২,৭৭৫গৰাকী শিক্ষাৰ্থী।  এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হোৱা ২,০০,৪৯৫গৰাকীৰ ভিতৰত উত্তীৰ্ণ হয় ১,৭৮,৮০৬গৰাকী। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৫৪,৪৬০গৰাকীৰ ভিতৰত ৪৮,৯৫৩গৰাকী উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত ১৭,৩০৭ গৰাকী অৱতীৰ্ণ হৈছিল।