ঘোষণা কৰিও বাতিল কৰিলে এপিএছচিৰ পৰীক্ষাৰ ৰিজাল্ট
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বিতৰ্কৰ আৱৰ্তত অসম লোকসেৱা আয়োগ । বিগত বৰ্ষৰ ২৩ মার্চত প্রকাশিত ১২/২০২৫ নং বিজ্ঞাপনমর্মে অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা-২০২৪ৰ ফলাফল সোমবাৰে ঘোষণা কৰিও আচম্বিতে বাতিল কৰে এপিএছচিয়ে। উল্লেখ্য যে এপিএছচিৰ প্রধান পৰীক্ষা নিয়ন্ত্রকে অসম অসামৰিক সেৱা (এচিএছ)ৰ ৪৫টা, অসম আৰক্ষী সেৱা (এপিএছ)ৰ ২০টা, শ্রম বিষয়াৰ ২টা, জিলা পৰিবহণ বিষয়াৰ ২টা, খণ্ড উন্নয়ন বিষয়াৰ ৯টা, সহকাৰী প্ৰবন্ধক-সহকাৰী উদ্যোগ বিষয়া-উদ্যোগ অধীক্ষকৰ ২৩টা, সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ ২টা, অসম বিত্ত সেৱাৰ ৫৩টা, অসম নগৰ প্রশাসন সেৱাৰ ৫টা, কৰ অধীক্ষকৰ ৫১টা, শ্ৰম পৰিদৰ্শকৰ ১০টা, আবকাৰী অধীক্ষকৰ ১৯টা, সহকাৰী নিয়োগ বিষয়াৰ ১৮টা, উপ-পঞ্জীয়কৰ ১৩টা আৰু সহকাৰী এডাল্ট অফিচাৰৰ ১৬টা পদৰ বিপৰীতে ফলাফল ঘোষণা কৰে। এই ফলাফল উপলব্ধ হয় এপিএছচিৰ ৱেবছাইটত। কিন্তু ইয়াৰ কিছু সময় পাছতে প্রধান পৰীক্ষা নিয়ন্ত্রকে আন এখন জাননী জাৰি কৰে। য’ত উক্ত ফলাফল বাতিল কৰাৰ কথা ঘোষণা কৰা হয়। লক্ষণীয়ভাবে কি কাৰণত ঘোষিত ফলাফল এপিএছচিয়ে বাতিল কৰিলে তাৰ কোনো সঠিক কাৰণ জাননীখনত স্পষ্ট কৰি দিয়া নাই। কেৱল কোৱা হৈছে কিছু অজানিতে হোৱা ভুলৰ বাবে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ২০২৪ৰ ফলাফল তাৎক্ষণিকভাৱে বাতিল কৰা হ’ল। সাৱধানতাৰে পৰীক্ষা কৰাৰ পাছত এপিএছচিৰ নতুন ফলাফল তালিকা শীঘ্ৰে ৱেবছাইটত আপলোড কৰিব। এই অধিসূচনাখনৰ সমান্তৰালভাৱে এপিএছচিৰ ৱেবছাইটৰ পৰা লগে লগে ডিলিট কৰি দিয়া হয় ঘোষিত ফলাফলৰ তালিকা।
