ঘোষণা কৰা হ’ল ৫,৫৫০ শিক্ষক পদৰ ফলাফল

PC - The Meghalayan

ঘোষণা কৰা হ’ল ৫,৫৫০ শিক্ষক পদৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘোষণা হ’ল নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ চূড়ান্ত ফলাফল। প্রাথমিক শিক্ষা সঞ্চালকালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা ফলাফল অনুসৰি নিযুক্তিৰ বাবে যোগ্য হিচাপে বিবেচিত হৈছে ৪,২৭৯গৰাকী প্রার্থী। ইয়াৰে ২,৯৮০ গৰাকী প্রার্থীয়ে নিম্ন প্রাথমিকৰ শিক্ষক পদত নিযুক্তি লাভ কৰাৰ বিপৰীতে উচ্চ প্রাথমিকৰ শিক্ষক পদত নিযুক্তি লাভ কৰিলে ১,২৯৯জন প্রার্থীয়ে। উল্লেখ্য যে প্ৰাৰ্থীৰ অভাৱত ঘোষণা কৰা ফলাফলত খালী হৈ ৰ’ল নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিকৰ ১২৭১টা পদ। ইয়াৰে নিম্ন প্রাথমিকত ৮২০টা পদ আৰু উচ্চ প্রাথমিকত ৪৫১টা পদত কোনো যোগ্য প্রার্থী বিবেচিত নহ’ল। লক্ষণীয়ভাৱে খালী হৈ ৰোৱা অধিকাংশ পদেই সংৰক্ষিত। পাহাৰীয়া জনজাতি আৰু দিব্যাংগৰ বাবে সংৰক্ষিত আছিল খালী হৈ ৰোৱা অধিক পদ। উল্লেখ্য যে ২০২৩ চনৰ ২৬ ডিচেম্বৰত প্রাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল। ইয়াৰে উচ্চ প্রাথমিকৰ বাবে ১৭৫০টা পদ আৰু নিম্ন প্ৰাথমিকৰ বাবে ৩৮০০টা পদৰ বিপৰীতে প্ৰকাশ পাইছিল বিজ্ঞাপন।