ঘোষণা কৰা হ’ল বিজেপিৰ ৮৮জনীয়া প্রার্থী তালিকা

ঘোষণা কৰা হ’ল বিজেপিৰ ৮৮জনীয়া প্রার্থী তালিকা

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রকাশ হ’ল বিজেপিৰ ৮৮জনীয়া প্রার্থী তালিকা। বুধবাৰে নতুন দিল্লীত সংসদীয় ব’ৰ্ডৰ বৈঠকত ৰাষ্ট্ৰীয় নেতৃত্বই প্রার্থী তালিকাত ছীল-মোহৰ মৰাৰ পাছত বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে প্রকাশ পালে বিজেপিৰ প্রার্থী তালিকা। বিজেপিয়ে প্রকাশ কৰা বিধানসভা নির্বাচনৰ প্রার্থী তালিকাৰ পৰা বর্তমানৰ ১৯গৰাকীকৈ বিধায়ক বাদ পৰিছে। ইয়াৰ বিপৰীতে ৩৪গৰাকী নতুন মুখে তালিকাত স্থান লাভ কৰিছে। যুব প্রজন্মৰ লগতে মহিলা আৰু সকলো জনগোষ্ঠীক সামৰি প্রকাশ কৰা এই তালিকাত স্থান লাভ কৰিছে ৬গৰাকীকে মহিলা প্রার্থীয়ে।  বশিষ্ঠস্থিত বাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত প্রার্থী তালিকাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্রার্থী তালিকাত যুৱ প্রজন্ম-মহিলা, অনুসূচিত জাতি-জনজাতি, কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি নাথ জনগোষ্ঠীলৈ বিজেপিয়ে যিমানবোৰ সম্ভৱ হয় প্রতিটো জনগোষ্ঠীকে প্রার্থী তালিকাত প্রতিনিধিত্ব দিবলৈ প্রয়াস আৰু চেষ্টা কৰা হৈছিল। বিজেপিৰ ভাতৃ সংগঠনসমূহৰ জৰিয়তে দলৰ বাবে কাম কৰি থকা বহু যুৱ প্রার্থীক এইবাৰ প্ৰদান কৰা হৈছে প্রার্থিত্ব। তৃণমূল পর্যায়ত কাম কৰি থকা এই প্রার্থীসকলে তালিকাত স্থান পোৱাটো দলৰ বাবে এক সুখবৰ। এই তালিকাত নতুন তেজে স্থান পোৱাৰ লগতে মহিলাৰ প্রতিনিধিত্ব এইবাৰ উল্লেখনীয়। ২০২১ চনৰ নির্বাচনত মাত্র দুগৰাকী মহিলা বিধায়ক হিচাপে নির্বাচিত হৈছিল। এইবাৰ তালিকাত ৬গৰাকী মহিলাক প্রার্থিত্ব প্রদান কৰা হৈছে। অহা ২০২৯ চনৰ লোকসভা নির্বাচনত ৩৩ শতাংশ মহিলাই প্রার্থিত্ব লাভ কৰিব। প্রকাশ হোৱা এই তালিকাক লৈ দলীয় কার্যকর্তাসকল যথেষ্ট উৎসাহী বুলিও মন্তব্য কৰে মুখ্যমন্ত্রীয়ে। তেওঁ কয়- আমি সকলোৰে পৰা ইতিবাচক বার্তা পাইছোঁ। মই বিশ্বাস কৰোঁ, এই তালিকাখনক সাৰথি কবি বিজেপিয়ে এইবাৰ নির্বাচনত যথেষ্ট সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ’ব। উল্লেখ্য যে প্রার্থী তালিকা প্রকাশৰ পাছতে আজি পুৱাৰ ভাগত বাজপেয়ী ভবনত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পৰা মনোনয়ন দাখিলৰ বাবে এ-বি ফর্ম সংগ্রহ কৰে।প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা এই বিধায়কসকলৰ ভিতৰত আছে দিছপুৰ সমষ্টিৰ অতুল বৰা, পূব গুৱাহাটী সমষ্টিৰ সিদ্ধার্থ ভট্টাচার্য, হাফলঙৰ নন্দিতা গালোছা, বিহপুৰীয়াৰ অমিয় কুমাৰ ভূঞা, পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া, বিশ্বনাথৰ প্রমোদ বৰঠাকুৰ, বৰছলাৰ গণেশ লিম্ব, বিহালীৰ দিগন্ত ঘাটোৱাল, হোজাইৰ ৰামকৃষ্ণ ঘোষ, বোকাজানৰ ডাঃ নোমল মমিন, শিলচৰৰ দ্বৈপায়ন চক্রবর্তী, বিজনীৰ অজয় বায়, উদাৰবন্দৰ মিহিৰ কান্তি সোম, ডিফুৰ বিদ্যাছিং ইংলেং, হাওবাঘাটৰ দৰছিং বংহাং, বৈঠালাংছ’ৰ ৰূপছিং টেৰণ আৰু ভবানীপুৰৰ ফণীধৰ তালুকদাৰ। তালিকা প্রকাশৰ পূর্বেই ইতিমধ্যে দুলীয়াজান আৰু মাহমৰা সমষ্টিৰ দুই বিধায়ক ক্রমে তেৰছ গোৱালা, যোগেন মহনক এইবাৰ প্রার্থিত্ব নিদি ৰাজ্যসভালৈ নির্বাচিত কৰা হৈছিল। উল্লেখ্য যে ৰাজ্যসভাৰ পূৰ্বৰ সাংসদ ৰামেশ্বৰ তেলীক তেৰছ গোৱালাৰ পূৰ্বৰ সমষ্টি দুলীয়াজানত এইবাৰ প্রার্থিত্ব প্রদান কৰা হৈছে। ইফালে বিজেপি প্রার্থী তালিকাত স্থান লাভ কৰা ৬ মহিলাৰ ভিতৰত আছে বীৰছিং-জকৰা সমষ্টিত মাধৱী দাস, চমৰীয়া সমষ্টিত জ্যোৎস্না কলিতা, মঙলদৈ সমষ্টিত নীলিমা দেবী, গোলাঘাট সমষ্টিত অজন্তা নেওগ, ডিফু সমষ্টিত নিছ’ তেৰাংপী আৰু হাফলং সমষ্টিত কপালী লাংখাছাই। প্রার্থী তালিকা ঘোষণাৰ পিছতে বাজপেয়ী ভবনত মুখ্যমন্ত্রীয়ে একাংশ বিধায়কৰ প্রার্থী তালিকা কর্তন সন্দৰ্ভত কয়- সমষ্টি পুনৰ নির্ধাৰণৰ বাবে একাংশ বিধায়কৰ প্রার্থিত্ব নাকচ কৰাৰ লগতে আন একাংশ বিধায়কৰ স্থানত বিজেপিৰেই পুৰণি কার্যকর্তাক স্থান দিয়া হৈছে। বিশেষকৈ নিউ গুৱাহাটী সমষ্টিত প্রার্থিত্ব পোৱা দিপ্লুৰঞ্জন শর্মাও পুৰণি বিজেপি। বিশেষ পৰিস্থিতিত পৰি সিদ্ধার্থ ভট্টাচার্য প্রার্থিত্ব নাপালে। মই পুৱা কথা পাতিছোঁ এইক্ষেত্রত কোনো সমস্যা নহয়। একেদৰে শিলচৰ সমষ্টিত প্রার্থিত্ব কর্তন হোৱা দ্বৈপায়ন চক্রৱতীক পূর্বৰ সাংসদ তথা এইবাৰ প্রার্থিত্ব লাভ কৰা ডাঃ ৰাজদীপ ৰয়ে তেওঁক আনিছিল। গতিকে ৰাজদীপ ৰয় বা দ্বৈপায়ন চক্রৱতীয়ে প্রার্থিত্ব লাভ কৰাটো একে কথা। একেদৰে দিছপুৰ সমষ্টিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়- এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত প্রদ্যুৎ বৰদলৈক সমষ্টিটোত প্রার্থিত্ব প্রদান কৰা হৈছে। তেওঁ দুবাৰকৈ নগাঁও সমষ্টিৰ সাংসদ নির্বাচিত হৈছে। কার্যকাল চাৰে তিনি বছৰ থকাৰ পাছতো প্রদ্যুৎ বৰদলৈয়ে ত‍্যাগ কৰি বিজেপিলৈ আহিছে। গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলৰ সৈতে আজি আলোচনা কৰিছোঁ, তেওঁলোকে বিজেপিৰ প্রক্ষেপিত প্রার্থীক সকলোধৰণৰ সহায়-সহযোগিতাৰে নির্বাচনত জয়যুক্ত কৰাব বুলি মোক প্রতিশ্রুতি দিছে। প্রার্থিত্বৰ তালিকা প্রকাশৰ পাছতে ক্ষুব্ধ একাংশ বিজেপি নেতাই নির্দলীয়ভাবে প্রতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- অহা ২৩ মাৰ্চৰ ভিতৰত আমি আশা কৰিছোঁ, সকলো এনে ক্ষুব্ধ নেতা-কর্মীয়ে তেওঁলোকৰ সিদ্ধান্ত প্রত্যাহাৰ কৰিব। আমাৰ দলৰ নেতাসকলে তেওঁলোকৰ লগত আলোচনা কৰিব আৰু মই ভাবো এইক্ষেত্রত কোনোধৰণৰ সমস্যা নহয়। আজি প্রকাশ কৰা প্রার্থী তালিকাক লৈ বিজেপিৰ নেতা- কর্মীসকল উৎসাহিত আৰু তৃণমূলব এই উৎসাহে দলটোক আগন্তুক নির্বাচনত জয়যুক্ত কৰাবলৈ সক্ষম হ’ব।