ঘোষণা কৰা হ’ল চাৰিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল

Pc Encyclopedia Britannica

ঘোষণা কৰা হ’ল চাৰিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘোষণা কৰা হ’ল চাৰিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পূৰ্বে মিজোৰাম বিধানসভা নিৰ্বাচনৰো ফলাফল দেওবাৰে ঘোষণা কৰা কথা আছিল যদিও শেষ মুহূৰ্তত দেশৰ নিৰ্বাচনী আয়োগে মিজোৰামৰ ফলাফল সোমবাৰেহে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই নিৰ্বাচনী ফলাফল বিজেপি, কংগ্ৰেছৰ দৰে প্ৰতিটো দলৰ বাবে আছিল গুৰুত্বপূৰ্ণ। চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত তিনিখন ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হ’ল। মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক আসন লাভেৰে নিজৰ বিজয় নিশ্চিত কৰাৰ বিপৰীতে তেলেংগানাত বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হ’ল কংগ্ৰেছ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই স্বাভাৱিকতে গেৰুৱা শিবিৰত উঠিছে উছাহৰ ঢল।