ঘোষণা কৰা হ’ল গুণোৎসৱৰ ফলাফল

Pc Facebook

ঘোষণা কৰা হ’ল গুণোৎসৱৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা হ’ল গুণোৎসৱৰ ফলাফল।জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই ফলাফল।১৮ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত হৈছিল। এই গুণোৎসৱত অংশগ্ৰহণ কৰিছিল ৪৪,৫৩১খন বিদ্যালয়ে। সামৰি লোৱা হৈছিল ৪১ লাখৰো অধিক ছাত্ৰ–ছাত্ৰী। গুণোৎসৱত ছাত্ৰ–ছাত্ৰীৰ উপস্থিতিৰ হাৰ আছিল ৯৬.৬৯ শতাংশ।ঘোষণা কৰা ফলাফল অনুসৰি শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয় স্থান লাভ কৰিছে চৰাইদেউ জিলাই আৰু তৃতীয় স্থান লাভ কৰিছে গোলঘাট জিলাই।শিৱসাগৰত চৰকাৰী বিদ্যালয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে লাইন পাতি থাকে। শিক্ষাৰ ক্ষেত্ৰত চালে অসম শীৰ্ষ ৫ৰ ভিতৰত আছে। ১১,৮৮৬ খন বিদ্যালয়ে পাইছে ‘এ প্লাছ’। ‘এ প্লাছ’ আৰু ‘এ’ পোৱা বিদ্যালয়ৰ সংখ্যা বাঢ়িছে। ৩০ শতাংশ বিদ্যালয়ে ‘এ’ প্লাছ পাইছে। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙে চাৰি বছৰ ধৰি বেয়া ফলাফল কৰি আহিছে গুণোৎসৱত। তাৰ বাবে শিক্ষা বিভাগে ব্যৱস্থা ল’ব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। চিৰাঙে এইবাৰো শেষৰ ফালে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘এইবাৰ ১৯,০০০ বিদ্যালয়ে ‘এ গ্ৰেড’ পাইছে। ৭,০০০ বিদ্যালয়ে ‘বি গ্ৰেড’ পাইছে, ‘চি’ গ্ৰেড পাইছে ১৯৭২খন বিদ্যালয়ে, ৭৬৭খন বিদ্যালয়ে ‘ডি গ্ৰেড’ পাইছে।’’ আনহাতে, বিদ্যাঞ্জলিৰ জৰিয়তে ৰাইজে ৭৪ হাজাৰ ফেন উপহাৰ দিয়াৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ১৬,২৪৪জন প্ৰাক্তন–ছাত্ৰ ছাত্ৰীয়ে অন্য সমগ্রী দান কৰিছে। প্ৰাক্তন ছাত্ৰ–ছাত্ৰীয়ে বিদ্যালয়ত গৈ এদিন ক্লাছ কৰি আহিব লাগে বুলিও সংবাদমেলত আহ্বান জনায় ড০ শৰ্মাই। ‘চি’ আৰু ‘ডি’ গ্ৰেড পোৱা স্কুললৈ গৈ কাৰণ বুজিবলৈ শিক্ষামন্ত্ৰীক অনুৰোধ জনায় হিমন্ত বিশ্ব শৰ্মাই। কোনো এজন শিক্ষা বিষয়া গৈ এই কাম কৰিব। কিয় C আৰু D গ্ৰেড পালে ভালকৈ কাৰণ বুজিবলৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা গুণোৎসৱৰ পৰা ১০ শতাংশ নম্বৰ যোগ দিয়া হ’ব পৰীক্ষাত। ‘‘ইউনিফৰ্মৰ কোৱালিটি চাব লাগিব, ইউনিফৰ্ম ওপৰত গুণোৎসৱত মাৰ্ক দিব লাগে। বেয়া ইউনিফৰ্ম থকা বিদ্যালয়সমূহত কাম কৰা হ’ব ইয়াৰ জৰিয়তে। মে’ৰ ১০ তাৰিখে ৬০০০ নতুন শিক্ষক দিয়া হ’ব প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকত। ডি আৰু চি পোৱা বিদ্যালয়ত অসুবিধা কি আছে চাব লাগে। শিক্ষকৰ প্ৰয়োজনীতা চাব লাগে।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে। ইফালে, ধৰ্মীয় সংখ্যালঘু অঞ্চলত শৈক্ষিক ক্ষেত্ৰখন ভাল হৈছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। মেডিকেলত ৩০০ৰো অধিকে ছীট পাইছে। শিক্ষাৰ উন্নয়ন দিশত বহুত বেছি আগবাঢ়িছে। A প্লাছ পোৱা বিদ্যালয়সমূহৰ ঠিকাভিত্তিক শিক্ষসকলৰ চাকৰি নিময়মীয়াকৰণৰ বাবে ব্যৱস্থা লোৱা কথা আগতে কোৱা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।