ঘোচৰ পৰম্পৰা কিমান দিন চলিব-সুনম বিশ্বাস

Pc Vecteezy

ঘোচৰ পৰম্পৰা কিমান দিন চলিব

সুনম বিশ্বাস (প্ৰিয়ম)
গোৰেশ্বৰ, তামুলপুৰ

 প্রাচীন কালৰ পৰাই দুৰ্নীতি ,ব্যভিচাৰ,ভ্ৰষ্টাচাৰৰ খেতিডৰা আৰম্ভ হৈছিল আৰু বর্তমান আধুনিক সমাজত সেই খেতি ফুলে-ফলে  শিপাই শিথিলভাৱে অস্তিত্ব লৈছে ।সমাজৰ এক ব্যাধিস্বৰূপ হৈ পৰিছে।  ধৰ্ম ,সংস্কৃতি  পৰম্পৰাগতভাবে চলি অহাৰ দৰে , এইবোৰো যেন পুৰুষানুক্ৰমিক  সম্পদ! উৎপীড়ন,অন্যায়- অত্যাচাৰৰ দৰে  দুৰ্নীতিবোৰ ক্রমান্বয়ে সমাজখন জুৰুলা কৰি পেলাইছে। দেশৰক্ষা,জনসাধাৰণৰ হিত সাধনার্থে দেশৰ উচ্চ শিৰত অধীস্থ উপায়ুক্ত, আৰক্ষী বিষয়া, কেৰাণী- কনিষ্টবলও সৰ্বত্ৰে টকাৰ পিছত দৌৰৰ প্ৰতিযোগিতাত ধাৱমান। ধনৰ প্ৰলুব্ধতাত এনেকৈ লীন গৈছে যে নিজৰ অস্তিত্ব, শিক্ষা-দীক্ষা ,স্বাভিমান, আত্মসন্মান, ইত্যাদিবোৰৰ বিষয়ে ভাৱিবলৈ আহৰি নাই। কেবল লালসাৰ ঢৌত উটি-ভাহি গৈ বহু সময়ত জে’লৰ আলহীয়ো হৈছে। তথাপিও যেন লাজ নাই ৰামায়ণৰ শূৰ্পনখাৰ দৰে নাক কটা নিলাজ,  এইচামলোকৰ স্বভাৱ, ধন লিপ্সা কোনো কালেই ওৰ নপৰিব। বৰঞ্চ বোৱতি নৈৰ দৰে প্ৰবাহমান হ’ব।মানুহে কয় , উজুটি খালে বুদ্ধি প্ৰখৰ হয় । কিন্তু এইচামৰ কি হ’ব ? শিক্ষা-দীক্ষা কি চৰণীয়া পথাৰত ঘাঁহ চৰাবলৈ গৈছে!  দেশৰক্ষাৰ নামত বহি থকা সকলেই যদি সৰ্বসাধাৰণ চহা কৃষক,    শ্ৰমিকৰ তেজ তেজপিয়াৰ দৰে  চুহি খায় তেন্তে সেইসকলৰ নিৰাপত্তা ক’ত?সাম্প্ৰতিক ধন যাৰ মুলুক তাৰ , আগৰৰ সেই ‘জোৰ যাৰ মুলুক তাৰ’  বাক্যটি নিৰ্থক।আনহে নালাগে শাসনব্যৱস্থা চলোৱাৰ নামত যে আৰামী সিংহাসন আৰোহন কৰি আছে তাৰে ভিতৰত এচাম আছে ধনেৰে ডিগ্ৰী কিনি নিচিন্তমনে বহি আছে,  কোনো কালেই  ভাঙিব নোৱাৰা ক’লা ধনৰ অট্টালিকাত  ।তাৰোপৰি সাম্প্ৰতিক  মাছৰ বজাৰৰ দৰে উতলি উঠা  ধন অৰ্জনৰ কোম্পানীবোৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। যাৰ স্পনচৰ বেছি তাৰ সন্তানৰ মাৰ্কশ্বিটখনো  বেছ আকৰ্ষিত। ‘ক’ বৰ্ণৰ চুক কেইটা নজনা ল’ৰা বা ছোৱালীজনীয়ে উকা পৃষ্ঠাতে শতকৰ ঘৰ দখল কৰে। এয়া কিহৰ বাবে জানেনে? এনেকৈ সুপ্ত প্ৰতিভাৰ কৰ্ষণ নোহোৱাই  হৈ যায় , মৰহি পেলাও  তেওঁলোকৰ ইচ্ছাক আমি অভিভাৱকসকলৰ স্ব ইচ্ছা পূৰণাৰ্থে।
আজি- কালি আকৌ টি.ভি. ত নিউজ চেনেলটো লগালেই দেখিবলৈ পোৱা যায় শক্তিৰ গইনা লৈ অপশক্তি প্ৰয়োগৰ লীলা।চাকৰি নিয়োগৰ দৰদাম ! জ্ঞানৰ জোখ -মাখ নহয় । পাৰিলেতো নিঠৰুৱাৰ গড় আয়ুসখিনিও ধনৰ বিনিময়ত  কিনি ল’লেহেঁতেন  ঘোচখোৰকেইটাই। মৃত্যুৰ পিছত আমাৰ কিমান ঠাইৰ প্ৰয়োজন? চাৰি/পাঁচফুট মাটি .. কিন্তু আমি দৌৰি ফুৰো  জগতৰ সকলো সুখ – স্বাচ্ছন্দ্য নিজৰ কৰিবলৈ, অনৈতিকভাৱে সোণৰ থালত ভাত খোৱাতকৈ ভঙা পজাঁৰ কলপাতত খোৱা ভাতখিনি অমৃততুল্য সুস্বাদু, এক অমোঘ তৃপ্তিৰ।ক্ষন্তেকীয়া পৃথিৱীত টকাৰ পিছে পিছে দৌৰি পাহৰি পেলাও ঘোৰ আউসীৰ  বুকু ভেদি ওলাই অহা জোনটিৰ সৌন্দৰ্যৰ মাদকতা, জীৱনৰ প্ৰকৃত  সংজ্ঞা । এ.চি.  ৰুমৰ চাৰিবেৰৰ মাজতেই যেন সীমাবদ্ধ আঢ্যৱন্তৰ  জীৱন। লোকচক্ষুত মহান হ’বলৈ ভোটৰ আগে আগে মাছক টোপ দিয়াৰ  দৰে কম্বল , ছাতি , আঠুঁৱা বিতৰণ কৰিলেই দায়িত্ব শেষ। অশিক্ষিত,  চহা শ্ৰমিকসকল  যেন একো একোটা ভোটবেংক সদৃশ।
প্ৰকৃত শিক্ষাৰ আলোকৰে আলোকিত কৰাৰ প্ৰচেষ্টা নাই, গাৱঁৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থাও পানীত হাঁহ নচৰাৰ লেখিয়া। কৰ্তব্যৰত শিক্ষকবৃন্দ চৰকাৰৰ হাতৰ মুঠিত, মাজে মাজে বান্দৰ নচুৱা দি নচুৱাই। এচাম মধ্যভোগীৰ বাবে বিদ্যালয়লৈ অহা মধ্যাহ্ন ভোজন, পোছাকৰ পৰাও শিশুসকল বঞ্চিত হয় । দুই এজন মেধাৱী ছাত্ৰ ছাত্ৰী ওলালেও ধনৰ অভাৱত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱা দেখা যায় , কিছুক্ষেত্ৰত  আত্মহত্যাৰ বলি হয় আনক্ষেত্রত সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ শৰীৰ উদঙাই  দিবলৈ বাধ্য হয় , গুৰি কটা গছৰ গৰে সংজ্ঞাবিহীন হৈ ঢলি পৰে দিনৰ পোহৰত ভদ্ৰতাৰ মুখা পৰিধান কৰা ঘোচখোৰ কেইটাৰ ওচৰত!  সমস্ত শাসন ব্যৱস্থাত অৱক্ষয়তাৰ ঘুণে ধৰিছে। আৰামী দলিচাত পেট গেৰেলাই  মাহে মাহে দৰমহা গিলা অজগৰকেইটাৰ পেট নভৰে ।পথৰ নিৰীক্ষণত থকা ট্ৰেফিক হুইচেলাৰকেইটাই টকাৰ বিনিময়ত  যাত্ৰীৰ জীৱন  বন্ধকত ৰাখি বিনা হেলমেটে  এৰি দিয়ে।চৰকাৰে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নলওক কিয়? তেওঁলোকৰ  কাৰ্য যেন মহাসাগৰত দৰিকণা বিচাৰৰ দৰে ! ৰাস্তাৰ নামত অহা কোটি কোটি টকা ঠিকাদাৰৰ  জেপতে ৰৈ যায় আধা শতাংশ,   শাকেৰে মাছ ঢকাৰ দৰে  শিলগুটি কেইটামান সিঁচি দিয়ে পদপথত এজাক ধল বৰষুণে  ফুটা কৰি যায় সেই পথৰ বুকু।  অন্যহাতে চিকিৎসালয়বোৰত সাম্প্ৰতিক  দেখা যায় মানৱতাৰ স্খলনৰ কদৰ্য ৰূপ! টকা জমা নকৰাকৈ মুমূৰ্ষ  ৰুগীকো চিকিৎসাৰ হাতখন আগবঢ়াই নিদিয়ে কিন্তু দুখীয়া নিচলাৰ বিনানুমতিত  পষ্ট মৰ্টম কৰিবলৈ কুণ্ঠাবোধ নকৰে কিয়নো তাত আছে কিছু স্বাৰ্থ! হঠাতেই দ্ৰব্যৰ মূল্য বৃদ্ধি, বেকাৰত্ব, কৃষি সংকট ইত্যাদিবোৰ শোষণৰ নগ্ন ৰূপ।আমি যিমান দিন মহাভাৰতৰ সেই গান্ধাৰীৰ দৰে দুচকুত ক’লা আৱৰণখন আৰিঁ থম সিমান দিনলৈ এই অপকর্মৰ ওৰ নপৰে  । কিছুমান ক্ষেত্ৰত  বহুলোকে অনিচ্ছাকৃতভাৱে নতশিৰে মানি লয় সমাজৰ ব্যাধিসদৃশ ঘৃণনীয় অপৰাধটো।আমাৰ দৰে কিছুসংখ্যক লোকৰ প্ৰতিবাদী কণ্ঠধ্বনি গৈ নাপাই ওপৰ মহলালৈ কিয়নো আধাবাটতে  ইয়াৰ তলত থকা চেংমাছকেইটাই দৈত্যৰ দৰে পথ আগুৰে। লংকাৰাজ্যত থাকিও   ৰামৰাজ্য গঢ়িবলৈ উদ্যত হোৱা  সত্যবান বিভিষণক তৎপৰেই  ট্ৰান্সফাৰ কৰি দিয়ে আন এখন লংকাৰাজ্যত, কিয়নো স্থানান্তৰ মানেই  পৈইচা হজম খেল খতম। বিদ্ৰোহী কণ্ঠৰ জোৱাৰ তুলিলেও  আমি একো একোজন বিফল বাটৰ সফল পথিক!

গতিকে, আমি ক’ব পাৰে যে গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ  মূল ভেটিত ঘুণে ধৰিছে  , এই  ঘুণ যিমানদিনলৈ থাকিব সিমান দিনলৈ  আমাৰ তেজ মঙহ শুহি   খাব আপদ মস্তক  চিনাজোক কেইটাই। জোকৰ মুখত চূণ দিব পৰাকৈ নিজক গঢ়ি তুলিব নোৱাৰিলে অৱশেষত আমি বুলি কেবল আমাৰ  ভোটকেইটা আৰু আমাৰ জকাঁটো থাকিব  যে ই শাশ্বত!