ঘেন্টা কাকো খাতিৰ নকৰোঁ….. – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Pinterest

ঘেন্টা কাকো খাতিৰ নকৰোঁ…..

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

মোৰ কোনো জাতি নাই….
মোৰ কোনো ধৰ্ম নাই…
এইয়া আছিল দাদাৰ ভাষ্য…
বেছি ধনী মানুহ মোক ভাল নালাগে…
ঠেলাৱালা,ৰিস্কাৱালাবোৰ বন্ধু…
গুৱাহাটীত বহু পাগল আছে…
যিবোৰে মোক পাগলৰ দৰে ভাল পায়…
মানুহে তেওঁলোকক পাগল বুলি কয়…
কিন্তু মই নাভাবো সিহঁত পাগল বুলি….
মানসিকভাবে বিকাৰগ্ৰস্থ মানুহকো…
আপোন কৰি মৰম বিলোৱা…
এক অদ্ভুত মানুহ আছিল অসমত….
কোনো এজনকে খাতিৰ নকৰাকৈ….
অসমৰ অলিয়ে-গলিয়ে ঘুৰি ঘুৰি….
গানৰ মাধ্যমৰে সকলোকে বান্ধি ৰাখিছিল…
মঞ্চৰ মাজেদিয়েই বুকু ফুলাই কৈছিল…
ঘেন্টা কাকো খাতিৰ নকৰোঁ….
এনেকুৱা আছিল আমাৰ জুবিন দা…
কিমান যে কান্দি আছে আজি জনতা….
তাৰ কোনো এক সীমা নাই….
সাগৰ তই কিমান দিনৰ ভোকাতুৰ আছিলি…
জুবিন দাদাকে গৈ কৰিলি আলিংগন….
দাদা আপোনাক বিদায় দিওঁতো দিওঁ কেনেকৈ…
তথাপিও আপুনি ঘেন্টা কাকো খাতিৰ নকৰাকৈ…
পুনৰ এবাৰ জন্ম লৈ আহিবনে আমাৰ মাজত…??