ঘূচৰ পৰা মুক্তি, মেধাৰে নিযুক্ত
শিক্ষিত যুৱক-যুৱতী আৰু মহিলা সকলৰ মুখত বিৰিঙিছে নতুন আশাৰ ৰেঙণি
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ উন্নয়ন আৰু জন কল্যাণৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে সদায়ে প্ৰচেষ্টা লৈ আহিছে। বিগত সময়ছোৱাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ন সমূহ আজি দেশ জুৰি চৰ্চিত হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ আন্তগাঁথনিৰ চমকপ্ৰদ বিকাশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চৰকাৰৰ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষিত যুৱচামৰ জীৱনলৈ নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে আমাৰ সমাজৰ মহিলা সকলৰ সৱলীকৰণৰ জৰিয়তে অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে সমজলৈ এক আমূল পৰিৱৰ্তন আনিবলৈ সফল হৈছে।যদিও প্ৰতিশ্ৰুতি আছিল ১ লাখ চাকৰিৰ কিন্তু ২০২১ চনৰ পৰা এতিয়ালৈকে অসম চৰকাৰ খনে সবৰ্মুঠ ১,৪৫,৬৬৪ গৰাকী শিক্ষিত যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা দেখা গৈছে। পোন প্ৰথমবাৰৰ বাবে ১০ মে’ ২০২৩ তাৰিখে অসম প্ৰত্যক্ষ নিযুক্তি (এ.ডি.আৰ.ই-১.০) অধীনত তৃতীয় বৰ্গৰ পদত ১১০৪৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছিল ইয়াৰ লগতে ৪ৰ্থ বৰ্গৰ পদত ১৩৭৩৯ গৰাকী প্ৰাৰ্থীক পদত নিযুক্তি প্ৰদান কৰা হৈছিল৷ পুণৰ বাৰ অসম প্ৰত্যক্ষ নিযুক্তি (এ.ডি.আৰ.ই-২.০) ৰ অধীনত ৪৩৭৪ গৰাকী প্ৰাৰ্থীক চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰদান কৰা হৈছে। ঠিক একেদৰে আগন্তুক দিনত প্ৰদান কৰিব লগা নিযুক্তি সমূহক সংলগ্ন কৰিলে সৰ্বমুঠ নিযুক্তিৰ সংখ্যাই এক নতুন অভিলেখ গঢ়িব।বিজেপি চৰকাৰৰ ‘নিকা আৰু স্বচ্ছ নিযুক্তি’ৰ প্ৰতি থকা অংগীকাৰবদ্ধতাই কেৱল মেধাৰ ভিত্তিত চাকৰি নিশ্চিত কৰি অসমৰ ভৱিষ্যতক এক নতুন গতি প্ৰদান কৰিছে। এই উন্নয়নমূলক যাত্ৰাৰ এক অন্যতম নিদৰ্শন গোৰেশ্বৰতো প্ৰতিফলিত হৈছে, য’ত ইতিমধ্যে ৩৩,৮১৬ গৰাকী লোক এই বিকাশৰ অংশীদাৰ হৈছে। ইয়াৰ উপৰিও, ‘মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি’ (MMUA) ই বৰ্তমানলৈকে ৰাজ্যৰ ১৭,৬৪,৬৩০ গৰাকী মহিলা হিতাধিকাৰীক সামৰি লৈ এক অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে আৰু তেওঁলোকক নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে।বিগত ৯ বছৰত উন্নয়নৰ শিখৰ চোৱাৰ যি গতিৰে অসম ধাৱমান হৈছে তাৰ ফলত ৰাজ্য খনত শান্তি আৰু প্ৰগতিৰ বন্যা বৈ এখন নতুন অসমৰ নিৰ্মাণ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱে দিনে নিশাই নিবনুৱা সমস্যা সমাধানৰ পৰা আৰম্ভ কৰি মহিলা সৱলীকৰণলৈ অসমৰ জনসাধাৰণৰ বাবে যি সমৰ্পিত মনোভাৱেৰে কাম কৰিছে তাৰ ফলশ্ৰুতিত আজি অসমত এক ন দিগন্তৰ সূচনা হৈছে।আমি প্ৰদেশ বিজেপিৰ তৰফৰ পৰা আজি নিযুক্তি লাভ কৰা প্ৰতি গৰাকী প্ৰাৰ্থীৰ লগতে সমাজৰ উদ্যমী মহিলা সকললৈ শুভকামনা জ্ঞাপন কৰিছোঁ, আপোনালোকৰ মেধাশক্তি আৰু উদ্যমিতাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অসমক আগুৱাই লৈ যোৱাৰ সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হওঁক।
