অনুগল্প :-
“ঘাট মাউৰা”
মুন শৰ্মা, লখিমপুৰ
বাৰিষা আহিলেই ৰঞ্জিতৰ মনটো দুখেৰে আৱৰি ধৰে, বুকু খনত বিষাই, বেজাৰে হেঁচা মাৰি ধৰে, দুচকুত অশ্ৰু নিগৰি আহে।আজিৰ পৰা আঠ বছৰ আগৰ এনে এটি বাৰিষাৰ দিনতেই তাৰ মৰমৰ ঘৰখনলৈ কালনিশা নামি আহিছিল । নৈখনৰ বলিয়া বানে নিমিষতে নিঃশেষ কৰিছিল এখন ঘৰ । চিৰদিনলৈ কাষৰ পৰা লৈ গৈছিল তাৰ মাক আৰু দেউতাক দুয়োকে আৰু সি হৈ পৰিছিল এটি ঘাট মাউৰা।