গৰ ফুল শুৱাব – জুপিতৰা মহন্ত

PC - Hindustan

গৰ ফুল শুৱাব

জানকী সৰু হৈ থাকোতেই মাক দেউতাক হালৰে আকস্মাত মৃত্যু হোৱাত সৰু খুৰাকে তাইক লগত ৰাখিলে। খুৰীয়েকৰ লৰা ছোৱালী হাল হোৱাৰে পৰা তাইৰ ভাগৰ আদৰ খিনি লাহে ধীৰে কমিবলৈ ধৰিলে। তেনেকৈয়ে ডাঙৰ হোৱা জানকীক যেন কোনোৱে একোতে তলাব নোৱাৰে। খুৰীয়েকৰ লাচনি পাচনি হৈ তাই এতিয়া সকলো দিশৰে পৰা পৰিপক্ক এজনী ছোৱালী। বাকী মানুহে খুৰীয়েকে তাইক কষ্ট দিয়া বুলি কলে তাই মুখ পাতি ধৰে মানুহক,”খুৰীয়ে যদি কৰিব নিদিলে হয় মই চাগে একো শিকিব নোৱাৰিলোঁ হয়। মায়েও একেবোৰকে শিকালে হয়”।
তাইক চাবলৈ মানুহ এঘৰ আহিব। জানকীৰ বান্ধৱী ৰুমাই কৈ আছে, সেই লৰাটো ভাল নহয়। সকলোৱে গুণ্ডা, বদমাচ বুলিয়ে জানে। তাৰ দিনটোৰ ভিতৰত কাজিয়া এখন লাগেই। “তই সন্মতি নিদিবি দেই বিয়াত।” ৰুমাৰ কথা খিনি খুৰীয়েকক কোৱাত খুৰীয়েক খঙতে দাং খাই আহিল। “ৰুমাৰ বিয়া হোৱা নাই যে তোক এইবোৰ এনেই কৈ আছে তইও বেঙি দে। মোৰ কথা বাদেই দিলোঁ খুৰায়েৰে বাৰু তোক খালত পেলাব নে তয়ে ক।” খুৰীয়েকৰ মতে এইজনী আঁতৰি গলেই শান্তি। নোৱাৰি আৰু পুহিব।
সৰুতেই মাউৰা হোৱা তাৰ নাম ৰূপক সেই সৰু চহৰ খনত তাক চিনি নোপোৱা কোনো নাই। গুণ্ডা বদমাচ বুলিহে চিনি পায় তাক। আজি জানকীক চাবলৈ সি আৰু তাৰ বন্ধু এজন আহিব। সকলো কথাতে আগ ভাগ লোৱা খুৰীয়েকে জানকীক হে নালাগে আনকি খুৰাককো কোনো গুৰুত্ব নিদি বিয়াৰ তাৰিখ হে ঠিক কৰিলে। লৰা জন খুৰাকৰ পছন্দ নহল যদিও খুৰীয়েকৰ আগত তেখেত ভিজা মেকুৰী। বিয়া খন এমাহৰ ভিতৰতে ওচৰৰ মন্দিৰ ভাগতে থুলমূলকৈ পাতি থৈ দিলে।
জানকীয়েও নিজৰ ভাগ্যকে ধিয়াই বিয়াত বহিল। ফুলশয্যাৰ নিশা ৰূপক অহাৰ আগতেই জানকী চিলমিল টোপনিত চকু জাপ খায় আহিল সিও মনে মনে ৰুমত সোমাই বহুত সময় মাত বোল নকৰাকৈ চকী খনতে বহি আছিল। লাইটটো বন্ধ কৰি শুবলৈ লওঁতেই জানকী সাৰ পাই ৰূপকক দেখি তাই থতমত খালে।
“শুই থকা ৰাতিও বহুত হল, তোমাৰ টোপনিও ধৰিছে চাগে। আজি আৰু একো নাপাতো বুজিচা। শুই দিয়া মোৰো টোপনি ধৰিছে।”
“এই নিয়ম অলপ আছিল যে?মোৰ মানে টোপনি আহিল” জানকীৰ মাতটো থুকথুকি হৈ পৰিল।
“নিয়ম! কোনবোৰ নিয়ম। এহ বাদ দিয়া সেইবোৰ নিচিন্ত মনে শুই দিয়া। মই কাষৰ ৰুমতে শুম কিবা অসুবিধা হ’লে মাত দিবা।যি পাতিব লাগে কালিলৈ পাতিম দিয়া”
ৰূপকৰ কথাবোৰ শুনি জানকীৰ মনটো খেলি মেলি লাগিল। সকলোৱে কোৱা গুণ্ডা মানুহ জন যেন লগা নাই দেখোন। বিয়াৰ আগত মাত্ৰ এবাৰ লগ পাইছে। ইমান খৰখেদাকৈ সকলোবোৰ হৈ গ’ল তাই গমিবই নোৱাৰিলে।
ৰাতিপুৱা শুই উঠি জানকীয়ে চাহ জলপান খাবলৈ যতনাই দিলে। ৰূপকে বজাৰৰ ফালে ওলাই যোৱাৰ আগত তাইক আবেলি সাজি কাচি ওলাই থাকিব কলে। আবেলি দুয়ো ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে ওলাই গ’ল। কোনো মানুহকে কথা কবলৈ ভয় নকৰা লাজ নকৰা ৰূপকৰ আজি লাজ লাগিছে। মুখেৰে কথা কব পৰা নাই। জানকীৰ ভয়,লাজ, সংকা সকলোৱে ঘেৰি ধৰিছে। বহুত সময়ৰ মূৰত ৰূপকে কিবা এটা কবলৈ মুখ মেলিব লওঁতেই আঁতৰৰ পৰা লৰা দুটাই সিহঁতক উদেশ্য কৰি কিবা এটা কৈ পাৰ হৈ গ’ল। ৰূপকে ল’ৰা দুটাক খেদা মাৰি এটাক চৰ এটা মাৰিবলৈ উদ্যত হওঁতেই জানকীৰ অনুনয় তাৰ কাণত পৰাত সি ৰৈ গ’ল।
ভাত পানী খায় আজৰি হৈ ৰূপক ৰুমত সোমায় জানকীক আবেলিৰ ঘটনাটোৰ বাবে ক্ষমা বিচাৰিলে। জানকী এইবাৰ ৰব নোৱাৰি হুকহুকাই কান্দি ৰূপকক ক’লে “আপুনি খংটো কমাব নোৱাৰে নে? কাজিয়া বোৰ নলগাকৈ থাকিব নোৱাৰে নে?”
” তুমি থাকিলা বাবে হে নহলে সিহঁত দুটাৰ মুখ ভাঙি দিলোঁ হয়। এতিয়া কান্দি নাথাকিবা শুই থকা। মই যি কৰোঁ তুমি মাজত সোমায় মাত নিদিবা কেতিয়াও।” ৰূপকে চিগাৰেটৰ পেকেট টো লৈ ওলাই গ’ল। কান্দি কান্দি এসময়ত জানকীৰ টোপনি আহিল।
পিছদিনা জানকীয়ে ৰূপকক দিনটো এবাৰো নেদেখিলে ৰাতি ভাত খোৱাৰ পৰত ৰূপক ঘৰ সোমাল। মুখ খন আন দিনাতকৈ গহীন হৈ আছে ৰূপকৰ । কাম বন কৰি আজৰি হৈ জানকী ৰুমত সোমাই দেখে বিছনা খনৰ ওপৰত চকলেট এটা আছে। ” কালি তোমাক অলপ টানকৈ ক’লো বেয়া নাপাবা, চকলেট ভালপোৱা বুলি আনিলোঁ খাবা।”
ৰাতিলৈ জানকীৰ মাহেকীয়া হ’ল। তাই পেটৰ বিষত কেঁকাই আছিল। তাইৰ কেকনি শুনি ৰূপক সাৰ পালে তাৰ বুজিবলৈ বাকী নাথাকিল কি হৈছে তাইৰ। সি উঠি হট ৱাতাৰ বেগটোত পানী অলপ গৰম কৰি আনি তাইক দিলে।ৰাতিপুৱা ততাতৈয়াকৈ তাইলৈ এটা পেদ এটা চকলেট লৈ আনি দিলে। তাইৰ মনটো ভৰি গ’ল। আবেলি তাইলৈ বুলি চানা আৰু পকৰি আনি ৰূপকে নিজে চাহ একাপ কৰি জানকীক দিলে। ” শুনা জানকী আজি ভাত সাঁজ ময়ে ৰান্ধিম বাৰু। তুমি পাকঘৰৰ ক’ত কি আছে দেখুৱাই দিবা।” জানকীৰ বিশ্বাসে হোৱা নাই আনৰ মুখত ৰূপকৰ বিষয়ে শুনা কথাবোৰ সঁচা নে মিছা। ভাত খাই থাকোতে ৰূপকেই ক’লে “ওচৰৰ জাতীয় বিদ্যালয় খনত শিক্ষকৰ পোষ্ট এটা খালি হৈছে ফৰ্ম খন লৈয়ে আহিছোঁ তুমি কৰিলে কৰিবা। তুমি কোৱা দিন ধৰি মই কোনো মানুহৰ লগতে কাজিয়া কৰা নাই।বাচন ময়ে ধুম তুমি শুই দিয়াগৈ যোৱা।”
এই মানুহজন কি মানে জানকীয়ে তধা লাগি চাই থকা দেখি সি সুধিলে ” মানুহে কোৱা ৰূপক জন যেন লগা নাই হয় নে নাই?লাহে ধীৰে গম পাবা কাৰ লগত কাজিয়া কৰোঁ কিয় কৰোঁ।”
ৰাতিপুৱাৰ পৰাই ৰূপকৰ মূৰৰ বিষ। মূৰত গামোচা এখন মাৰি থকা দেখি তাইৰ বুজিবলৈ বাকী নাথাকিল কি হৈছে। তাই মূৰৰ বিষৰ টেবলেট এটা পানী গিলাচৰ সৈতে তাক দিয়াত সি অকনো আপত্তি নকৰাকৈ গিলি থৈ দিলে। ৰাতিলৈ তাৰ তমুময় জ্বৰ। জ্বৰত তাৰ চকু ৰঙা হৈ আছে জানকীয়ে তাক বিছনাত শুৱাই ৰুমাল এখন পানীত তিয়াই তাৰ কপালত লগাই থকাত সি যথেষ্ট আৰাম পালে। সি প্ৰথমে জানকীৰ লগত একেখন বিছনাত শুবলৈ আপত্তি কৰিছিল যদিও তাইৰ অভিমানী মাতটোৰ আগত সি হাৰি গ’ল। ৰাতি এপাকত সাৰ পাই দেখিলে ৰূপক ওচৰত নাই তাক বিচাৰি তাই আগফালে গৈ দেখে সি বাহিৰৰ বেঞ্চ খনত বহি আছে। তগৰ ফুলৰ সুবাসে বাৰণ্ডা খন আগুৰি আছে। বাহিৰত কিনকিনিয়া বৰষূণ। “ইয়াত কি কৰি আছে ঠাণ্ডা লাগিলে আকৌ জ্বৰ হব দেই।”
“চিন্তা কৰিচা নে খং কৰিছা? পৰিবেশ টো ভাল লাগিছে চোৱা। বহা বেঞ্চতে।” সি বেঞ্চৰ পৰা উঠি জানকীক বহিবলৈ দিলে। জানকীয়ে তাৰ হাতখনত ধৰি তাইৰ কাষতে বহুৱাই ল’লে। “আপুনি কিয় আঁতৰি থাকে?”
“বিয়াৰ সময়ত তোমাৰ মত লোৱা হোৱা নাছিল বুলি মই ফুলশয্যাৰ ৰতিহে জানিছিলো। ভাল মইহে পাইছিলো। তোমাৰ পৰা মৰম খিনি জোৰকৈ কোনোদিনে আদায় কৰিব বিচৰা নাছিলোঁ।”
“এতিয়া যদি মই কওঁ আপোনাৰ প্ৰেমত পৰিছোঁ বুলি তেতিয়াও আঁতৰি থাকিব।”
“নাজানো”
জানকীয়ে তাৰ হাতখনত খামুচি ধৰি ” আনৰ কথা সঁচাই শুনিব নালাগে। আপোনাৰ প্ৰতি মোৰ বহুত বেয়া ভাৱ আছিল। এতিয়াৰ পৰা নাই বেয়া নাপাব মোক। ক্ষমা কৰি দিয়ক।” তাৰ দুভৰিত ধৰি সেৱা কৰিব লওঁতেই সি তাইক বুকুৰ মাজলৈ টানি ” তোমাৰ স্থান বুকুতহে ভৰিত নহয় মানু।”
“এই মানু জনী কোন?” জানকীৰ দুচকুত প্ৰশ্ন বোধক চাৱনী।
” তোমাৰ অজ্ঞাতে মোৰ মানসী প্ৰিয়াৰ লগত মানু বুলিয়ে কথা পাতো। আজিৰ পৰা মানু বুলি মাতিলে বেয়া পাবা নেকি?”
“কেতিয়াও নাপাওঁ।” তাই তাৰ বুকুৰ মাজত কুৰুকি কুৰুকি সোমায় পৰিল।
“আজি বাহিৰতে থকাৰ মন নেকি? বৰষুণ বেছিকৈ আহিছে ব’লা ভিতৰলৈ যাওঁ।” থাওকতে তগৰ দুপাহ চিঙি লৈ তাইক পিছ ফালৰ পৰা খোপাত গুজি সি গুণগুণালে

নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱাই ,কপৌ ফুলে শুৱাব
কপৌ ফুলে নুশুৱাই যদি ঘিলা খোপাতে তোৰ
হিয়া ফুলে পাৰি দিম গুজি খোপাতে মনোহৰ।

-জুপিতৰা মহন্ত

জাঁজৰি,হেমাৰবড়ি সত্ৰ,নগাওঁ