গৰ্ভৱতী SWAT কমাণ্ডো পত্নীক হত্যা  স্বামীৰ

গৰ্ভৱতী SWAT কমাণ্ডো পত্নীক হত্যা  স্বামীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। জীৱন যুদ্ধৰ সৈতে হাৰ মানি অৱশেষত ২৭ জানুৱাৰীত মৃত্যুক সাৱতি লয় এগৰাকী মহিলা কামাণ্ডোই। অভিযোগ অনুসৰি, হাৰিয়ানাৰ সোনিপত জিলাৰ বাসিন্দা কাজল নামৰ এগৰাকী মহিলাক তেওঁৰ পতিয়ে অতি নিষ্ঠুৰভাৱে হত্যা কৰিছে। এই হত্যাকাণ্ডত যৌতুকৰ নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, প্ৰায় ৫ দিন পূৰ্বে মহিলাগৰাকীক নিজ স্বামীয়ে ডাম্বলেৰে মূৰত প্ৰহাৰ কৰিছিল। গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও ক’মাত গৈছিল। চিকিৎসাধীন অৱস্থাত মঙলবাৰে তেওঁ মৃত্যুক সাৱতি লয়।  কাজল দিল্লী আৰক্ষীৰ SWAT কমাণ্ডো ইউনিটত কৰ্মৰত আছিল, আনহাতে অভিযুক্ত স্বামী অংকুৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত ক্লার্ক হিচাপে কৰ্মৰত আৰু দিল্লী কেণ্টত নিযুক্ত আছিল।কাজল গন্নৌৰৰ বড়ী গাঁৱৰ বাসিন্দা আছিল আৰু চাৰি মাহৰ গৰ্ভৱতী আছিল। অভিযোগ অনুসৰি, স্বামী অংকুৰ আৰু তেওঁৰ পৰিয়ালৰ লোকে একেলগে যৌতুকৰ দাবীত কাজলক হত্যা কৰে। কাজলৰ পৰিয়ালৰ অভিযোগ- যৌতুকৰ লোভত দুটা হত্যাকাণ্ড সংঘটিত হৈছে, এটা কাজলৰ আৰু আনটো চাৰি মাহৰ গৰ্ভস্থ ভ্রূণৰ। কাজলৰ অন্ত্যেষ্টিক্রিয়া ৰাষ্ট্ৰীয় সন্মানসহ সম্পন্ন কৰা হয়। কাজল আৰু স্বামী অংকুৰ দিল্লীৰ দ্বাৰকা জিলাৰ মোহন গার্ডেন থানাৰ অন্তৰ্গত এলেকাত বাস কৰিছিল। আৰম্ভণিতে এই ঘটনাত হত্যাচেষ্টাৰ গোচৰ ৰুজু কৰা হৈছিল, কিন্তু চিকিৎসাধীন অৱস্থাত কাজলৰ মৃত্যু হোৱাত গোচৰত এতিয়া হত্যাৰ ধাৰা সংযোজন কৰা হৈছে। অভিযুক্ত অংকুৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তথ্য অনুসাৰে, ২৭ বছৰীয়া কাজলে ২০২২ চনত স্নাতক ডিগ্রী সম্পূৰ্ণ কৰিছিল। সেই সময়তে গন্নৌৰৰ বাসিন্দা অংকুৰৰ সৈতে তেওঁৰ চিনাকি হয়। বন্ধুত্বৰ পৰা আৰম্ভ হৈ এই সম্পর্ক প্রেমলৈ ৰূপান্তৰিত হয়। দুয়োজনে পৰিয়ালক বুজাই বিয়া পাতে। বিয়াৰ আগতেই, ২০২৩ চনত কাজল দিল্লী আৰক্ষীৰ SWAT কমাণ্ডো দলত নির্বাচিত হৈছিল। অংকুৰো দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত ক্লার্ক হিচাপে নিযুক্ত হৈছিল। কিন্তু বিয়াৰ মাত্র ১৫ দিন পাছতেই অংকুৰৰ পৰিয়ালে গাড়ী আৰু যৌতুকৰ দাবীত কাজলক মানসিক আৰু শাৰীৰিকভাৱে নির্যাতন আৰম্ভ কৰে। আৰক্ষীৰ মতে, ২২ জানুৱাৰীৰ নিশা প্রায় ১০ বজাত মোহন গার্ডেনস্থিত ফ্লেটত দম্পতীৰ মাজত তর্ক-বিতর্ক হয়। সেই সময়তে অভিযুক্ত অংকুৰে কাজলৰ ওপৰত প্রাণঘাতী আক্রমণ চলায়। আক্রমণত কাজলৰ মূৰত গুৰুতৰ আঘাত লাগে আৰু ঘটনাস্থলীতেই তেওঁ অচেতন হৈ পৰে। পৰৱৰ্তী সময়ত অংকুৰেই আহত কাজলক মোহন গার্ডেনস্থিত তাৰক হাস্পতাললৈ লৈ যায়, য’ত তেওঁক আইচিইউত ভর্তি কৰা হয়। চিকিৎসকৰ প্ৰতিবেদন অনুসাৰে, কাজলৰ মূৰৰ কেইবাটাও অংশত গভীৰ আঘাত, কাটি যোৱাৰ দাগ আৰু কাণৰ পৰা তেজ ওলাই থকা লক্ষ্য কৰা যায়। ২০২৪ চনত কাজল দিল্লীলৈ স্থানান্তৰিত হৈছিল, তথাপিও স্বামী অংকুৰে গাড়ী আৰু টকাৰ দাবীত তেওঁক প্ৰায়ে মাৰধৰ কৰিছিল বুলি অভিযোগ। ২২ জানুৱাৰীত অংকুৰে কাজলৰ ভাতৃক ফোন কৰি কাজলক হত্যা কৰাৰ কথা জনায় আৰু মৃতদেহ লৈ যাবলৈ কয়। এই খবৰ পোৱাৰ পিছতেই পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি দেখি হতভম্ব হৈ পৰে। তৎক্ষণাৎ দিল্লী আৰক্ষীত অভিযোগ দাখিল কৰা হয়। কাজলৰ পিতৃয়ে জনায় যে তেওঁৰ কন্যাই বহু কষ্টৰে দিল্লী আৰক্ষীৰ কমাণ্ডো হিচাপে এই স্থান লাভকৰিছিল। কিন্তু ২২ জানুৱাৰীত অংকুৰে লোহাৰে মূৰত আঘাত কৰি তেওঁক হত্যা কৰে বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয় যে সেই সময়ত কাজল চাৰি মাহৰ গৰ্ভৱতীও আছিল। মহিলাগৰাকীৰ ভাতৃয়ে অভিযোগত উল্লেখ কৰে যে ডিউটীৰ পৰা ঘূৰি আহিলেও কাজলক ঘৰৰ সকলো কাম কৰিবলৈ বাধ্য কৰা হৈছিল। ২০২৪ চনত পুত্ৰ সন্তান জন্মৰ পাছতো এই নির্যাতন বন্ধ নহ’ল। ভাতৃৰ মতে, ঘটনাৰ নিশা অভিযুক্ত অংকুৰে ফোন কৰি কাজলক হত্যা কৰাৰ ভাবুকি দিয়ে আৰু কিছু সময় পাছতেই কাজলৰ মৃত্যুৰ খবৰ দিয়ে।প্ৰায় ৫ দিন কাজলে জীৱন-মৃত্যুৰে যুঁজি অৱশেষত মৃত্যুক সাৱতি লয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।