গৰ্ব
মালিনীয়ে নিজকে শিক্ষয়িত্ৰী বুলি গৰ্ব অনুভৱ কৰে। যেতিয়া প্ৰাক্তন শিক্ষাৰ্থীসকলে লগ পালে বাইদেউ বুলি মাতে তেতিয়া পৃথিৱীৰ আটাইতকৈ সুখী যেন লাগে। এদিন প্ৰাক্তন ছাত্ৰ এজনে বাইদেউ ৰৈছে বুলি কোৱাত আনন্দতে উত্তৰ দিলে – “হয় ৰৈছো। তোমাৰ ভালনে?” শিক্ষাৰ্থীৰ উত্তৰ – ” বঢ়িয়া।” শিক্ষাৰ্থীৰ উত্তৰ শুনি মালিনীৰ মেলা মুখ মেলাতেই থাকিল, ইমান দিনৰ গৰ্ব কেনিবা উৰি গ’ল।
ময়ূৰাক্ষী গগৈ,
যোৰহাট।
যোৰহাট।