গৰু বিহু
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
চ’ত আৰু ব’হাগৰ সংক্ৰান্তিত
পালন কৰে গ্ৰাম্য সমাজে
অন্যতম উৎসৱ গৰু বিহু।
পুৱাই উঠি গৰুকেইটাক নৈৰ ঘাটলৈ নি
মাহ-হালধিৰে নোৱাই-ধোৱায়
খেৰৰ জুমুঠিৰে ঘঁহি
দীঘলতি-মাখিয়তীৰে গৰুক কোবাই
এচাৰিৰ ব্যৱহাৰ নহয় সেইদিন
ছাটত সীয়া লাও,বেঙেনা গালৈ দলিয়াই
সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
এটা দিন গৰুৰ বাবে উছৰ্গা কৰে
গাঁৱৰ ৰাইজে সমবেত হৈ
জ্বলাই গোঁসাই ঘৰত এগছি বন্তি
জনাই সকলোৱে শতকৌটি প্ৰণাম
গৰুকেইটাৰ মঙ্গলাৰ্থে।
কৃষিজীৱীলোকৰ সম্বল স্বৰূপে
আশা ভৰসা ৰাখে গৰুৰে সাহসত
হেঁপাহেৰে দিনটো পালন কৰে,
দিনটোৰ বিদায়ী পৰত সন্ধিয়া
তৰাগছ আৰু মৰাপাটৰ পঘাৰে বান্ধি
ন-ৰূপত সজাই তোলে
কলপাতত সজাই-পৰাই গোহালিত
গৰুক খাবলৈ পিঠা-পনা আগবঢ়ায়
মহে-ডাহে অনিষ্ট নকৰিবলৈ
গোহালিত জাক দি বিচনীৰে বিচে।
খেতিৰ বাবে সাজু কৰি
সম্বল স্বৰূপ গৰুকেইটিক আদৰণি জনায়।।