গৰু বিহু – শৈলেন কুমাৰ

অণুগল্প

গৰু বিহু 

শৈলেন কুমাৰ
 মিৰ্জা ( কামৰূপ )

চহৰীয়া বৰ্তমান মহানগৰীৰ বিশাল অট্টালিকাৰ স্বত্বাধিকাৰী ৷ বিহু অসমীয়াৰ বাপতিসাহোন পিছে গৰু বিহুৰ দিনাখন কি উপায় কৰা যায়,চহৰত জন্তু বুলিবলৈ নলানৰ্দমাৰ মাখি,মহৰ বাহিৰে আন একো দেখিবলৈ পোৱা নেযায় ৷ বিহুটো নাপাতিলেও নহয় তাকে ভাবি মিস্ত্ৰী এজনৰ হতুৱাই এটা কংক্ৰিটৰ গৰুৰ প্ৰতিমূৰ্তি সজোৱা হ’ল ৷ চহৰীয়াৰ কৰ্মকাণ্ড দেখি বাটৰুৱা এজনে মাত লগালে “ হেৰৌ ডাঙৰীয়া ভৱিষ্যতে এয়া হ’ব অসমীয়াৰ গৰু বিহুৰ অস্তিত্ব ৷ প্ৰকৃতি,পৃথিৱী যদি কেৱল জীৱশ্ৰেষ্ঠৰ বুলিয়েই ভাবে তেতিয়া হ’লে পৰম্পৰা সংস্কৃতি ৰক্ষা কৰাৰ প্ৰয়োজন বা ক’ত ?