গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা আৰু স্বাস্থ্য সন্মত কাৰণ- দিপ্তী মনি গোস্বামী

Pc- Pratham Khabar
“গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা আৰু স্বাস্থ্য সন্মত কাৰণ”
 দিপ্তী মনি গোস্বামী 
                           লখিমপুৰ (লালুক)
উভতি গৈছোঁ মোৰ ল’ৰালিলৈ …. তেতিয়া বাৰীত গহৰা গজা অথবা যত্ন কৰি কৰা শাক-পাচলি বোৰ চিনি পোৱা হৈছোঁ আৰু….. গৰুৰ বিহুৰ দিনা খন আবেলিপৰত মায়ে বাঁহৰ খৰাহি এটা হাতত দি বাৰীলৈ পঠায়…… কয়….”মানুহ হে খোৱা শাক-পাচলি কি পাৱ চিঙি আনিবি আৰু কেইবিধ হয় হিচাপটো ৰাখিবি।হিচাপটো কৰি একৈশ,একত্ৰিত,একচল্লিছ,একাৱন্ন তেনেকে কৰি সামৰিবি(মানে হিচাপটো বিজুৰীয়াকৈ ৰাখিবি)।”
কেতিয়াবা একৈশ বিধ, কেতিয়াবা একত্ৰিছবিধ বুটলি গোটাই আনি মাৰ হাতত দিওঁ, মায়ে তাৰ লগতে গৰু চাতৰ পৰা থৈ দিয়া পাচলি খিনি আৰু কেইবাবিধো দাইল একেলগ কৰি ৰাতিলৈ ভাজিখন বনায়, টেষ্ট টো ইমান বেয়া পাওঁ ,নাখাওঁ বুলি ক‌ওঁ ….
মায়ে কয়, “খাবলৈ বেয়া হ’লেও খালে ভাল বলেৰে খা’; মা’ৰ ভয়তে উশাটো বন্ধ কৰি গিলি থ‌ওঁ।
ডাঙৰ হৈ বুজি পোৱাৰ পিছত মায়ে এদিন গৰু বিহুৰ আবেলি দীঘলীয়া পাঠ দিলে……
আচলতে গৰুৰ বিহুৰ দিনা এশ একবিধ শাক-পাচলি ৰে পিঠা ভজা কেৰাহীখনত পিঠাৰ তেলতে ভাজি বনাই খোৱা এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে, নল মৰি গজালি উঠিছে প্ৰজন্ম ক্ৰমে এই পৰম্পৰা ধৰি ৰখা হৈছে। আগতে আইতাহঁতে এইটো এটা এৰাব নোঁৱাৰা নিয়ম বুলি বান্ধি থৈ গৈছে যদিও আমি ফহিয়াই চালে তাত বৈজ্ঞানিক যুক্তি -যুক্ততাও বিচাৰি পাওঁ।
আমি খোৱা এই সকলো সেউজ উদ্ভিদেই ঔষধি গুণ সম্পন্ন, প্ৰতিটো শাক-পাচলি তে বেলেগ বেলেগ ভিটামিন থাকে আৰু আমাৰ শৰীৰৰ অংগ পতংগৰ বিভিন্ন ধৰনে বিভিন্ন কাম কৰে,যাৰ দ্বাৰা আমি কৰ্ম প্ৰেৰণা লাভ কৰাৰ লগতে শৰীৰত অদম্য শক্তি সাহস পূঞ্জীভূত কৰিব পাৰোঁ আৰু নিজৰ দেহাটো নিৰোগীকৈ ৰাখিবলৈ সক্ষম হ‌ওঁ । সেয়ে বোধ কৰোঁ এই পৰম্পৰা অক্ষুণ্ণ ভাৱে বছৰ ধৰি বছৰ বিদ্যমান আমাৰ অসমীয়া সমাজৰ জনজীৱনত।