গৰু বিহুৰ উৎপত্তি আৰু ইয়াৰ পৰম্পৰা – মুন শৰ্মা

গৰু বিহুৰ উৎপত্তি আৰু ইয়াৰ পৰম্পৰা
মুন শৰ্মা, লখিমপুৰ
অসমীয়া বছৰৰ প্ৰথম বিহু হ’ল ব’হাগ বা ৰঙালী। এই বিহু সাতদিন হোৱাৰ বাবে সাত বিহু বুলি কোৱা হয় । সেই সাতদিনত অনুষ্ঠিত হোৱা সাতটা বিহুৰ ভিতৰত প্ৰথম বিহুটো হ’ল গৰু বিহু। চ’ত মাহৰ শেষ দিনা অৰ্থাৎ সংক্ৰান্তিৰ দিনা পালন কৰা গৰু বিহু কৃষিজীবী অসমীয়াৰ কৃষি কৰ্মত সকলোকৈ অধিক গুৰুত্বপূৰ্ণ অৰিহণা দি অহা গৰু কেইটাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বছৰটোৰ বাবে সিহঁত সুস্থ সবল আৰু নিৰোগী হৈ থকাৰ বাবে প্ৰাৰ্থনা কৰাৰ বাবেই প্ৰধানত পালন কৰা হয়।এই গৰু বিহু বহাগ বিহুৰ লগত কেনেকৈ আহিল  তাৰ কোনো প্ৰামাণিক তথ্য পাবলৈ নাই যদিও বহুতে এই ইয়াৰ ৰীতি- নীতি বোৰ প্ৰাচীন কামৰূপলৈ যেতিয়া মঙ্গোলীয় সকল প্ৰবজন হৈছিল, তেতিয়া তেওঁলোকে গৰু বোৰৰ বাবে গ্ৰহণ কৰা ৰীতি নীতি বোৰৰ লগত মিল থকালৈ চাই তেওঁলোকৰ পৰাই গৰু বিহু উৎপত্তি হ’ল বুলি ভাবে।অৰ্থাৎ গৰু বিহু মঙ্গোলীয় সকলৰ দান বুলি বিশ্বাস কৰে।বৰ্তমান সময়ত লাহে লাহে পথাৰৰ কৰ্মৰ বাবে  আধুনিক পদ্ধতিৰে  কৃষি কৰ্ম কৰিব লোৱাৰ ফলত হেৰাই যাব ধৰা গোহালিৰ গৰু হালৰ নামত  উদযাপন কৰা এই বহাগ বিহুৰ প্ৰথম দিনটোত অতীতৰ পৰা চলি অহা পৰম্পৰা মতে অসমীয়াই ৰাতিপুৱাতে প্ৰথমে গৰু কেইটাৰ  গাত মিঠা তেল সানি গৰুনুৱাই মাহ আৰু হালধিৰে।তাৰ পাছত ওচৰৰ পুখুৰী বা নৈ পাৰলৈ নি গা ধুৱাই আগেই বনাই থোৱা,এটুকুৰা বাঁহ এটা অংশলৈ ফালি তাক দুফাল কৰি ফালি চুচি লাহি আৰু গোটা কৰি উপৰ ভাগ অলপ জুঙাল কৰি তাত  জাতিলাউ, বেঙেনা, তিয়হ, কেৰেলা, থেকেৰা আৰু হালধি পিচ পিচ কৈ কাটি ভৰাই দি বনোৱা “চাত” খুলি তাৰ পৰা পাচলি বোৰ গৰুৰ গালৈ মাৰি মাৰি গোৱা হয়……
     লাউ খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা।
     মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু।
তাৰ পাছত সিহঁতক দীঘলতী গছৰ সৰু সৰু ডালেৰে গাত মাৰি মাৰি গোৱা হয়….
” দীঘলতীৰ দীঘল পাত গৰু মাৰো জাত জাত”
ৰাতিপুৱাটো এনে দৰে শেষ হোৱাৰ পাছত আবেলি যেতিয়া গৰু কেইটা দিনটো চৰি ঘৰলৈ উভতি আহে তেতিয়া সিহঁতক  মাহ আৰু হালধি সানি ৰখা আৰু তুলসী পাত, লগাই ৰখা নতুন   পঘাৰে গোহালিত বান্ধি ধূপ, ধুনা জ্বলাই ঘটি এটাৰে গৰু কেইটাৰ ভৰিত পানী অলপ দি ভৰি চাৰিখন ধুৱাই সেৱা কৰি এখন আগলি কলপাতত পিঠা খাবলৈ দিয়া হয়। এই পৰ্ব শেষ হোৱাৰ পাছত বিচনিৰে গৰু কেইটাক অলপ বিচি গৰু কেইটাৰ গাত মাখিয়তী সৰু সৰু ডালেৰে মাৰি গোৱা হয়….
” মাখিয়তীৰ মাখি পাত মাখি মা জাত জাত”
শেষত গোহালিৰ কাষতে ধান খেৰ, তুহ আদিৰে  এটা জাক জ্বলাই সিহঁতৰ গালৈ ধোৱা দিয়াৰ পৰম্পৰাৰে এই অনুষ্ঠান ভাগ সমাপ্ত হয়।এই পৰম্পৰা সেইদিনা আৰম্ভ হৈ কাতি মাহলৈকে চলি থাকে।