গৰিমাৰ এজাহাৰৰ পাছতেই বিতর্কিত শিখা শর্মাক গ্ৰেপ্তাৰ

গৰিমাৰ এজাহাৰৰ পাছতেই বিতর্কিত শিখা শর্মাক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী অপৰাধ শাখাই সামাজিক মাধ্যমযোগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰহননৰ চেষ্টা চলোৱা বিতর্কিত শিখা শর্মাক অৱশেষত গ্ৰেপ্তাৰ কৰিলে। তথাকথিত সমাজকর্মী শিখা শৰ্মাৰ মানসিক অত্যাচাৰত অতিষ্ঠ হৈ শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গে গুৱাহাটী অপৰাধ শাখাৰ দ্বাৰস্থ হৈ এখন এজাহাৰ দাখিল কৰাৰ পাছতেই অপৰাধ শাখাৰ এটা দলে পাথৰকোৱেৰীৰ নীলাচল এপার্টমেণ্টৰ এ ব্লকৰ চি-২নং ফ্লেটৰ পৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে। অপৰাধ শাখাই ভাৰতীয় ন্যায় সংহিতাৰ ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬নং ধাৰাৰ অধীনত ২/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰে।এই গোচৰৰ ভিত্তিত অপৰাধ শাখাই  শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে । শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই গৰিমা শইকীয়া গাৰ্গে অসম আৰক্ষীক ধন্যবাদ জনাই সামাজিক মাধ্যমত পোষ্ট দিয়ে । অসমীয়াৰ হিয়াৰ আমঠুৰ অকাল মৃত্যুক লৈ অগণিত অনুৰাগী এতিয়াও শোকস্তব্ধ হৈ থকাৰ সময়তে হকে-বিহকে সামাজিক মাধ্যমত একেৰাহে জুবিন গার্গক লৈ বিভিন্ন সময়ত কটু মন্তব্য আগবঢ়াই আহিছিল শিখা শর্মাই। অকল প্রয়াত শিল্পীগৰাকীয়ে নহয়, তেওঁৰ পিতৃ কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰৰ বিভিন্ন ব্যক্তিগত বিষয়ক লৈ চূড়ান্তভাৱে চৰিত্ৰহননৰ চেষ্টা অব্যাহত ৰাখিছিল শিখা শৰ্মা নামৰ অভদ্র মহিলাগৰাকীয়ে। জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ বিভিন্ন সময়ত সামাজিক মাধ্যমযোগে বহু বিতর্কিত মন্তব্য আগবঢ়োৱা শিখা শৰ্মাক প্রথমতে পৰিয়ালে বিশেষ গুৰুত্ব দিয়া নাছিল যদিও অগণিত অনুৰাগীয়ে দীর্ঘসময় ধৰি বিতর্কিত শিখা শর্মাক গ্ৰেপ্তাৰৰ দাবী তুলি আহিছিল। এজাহাৰ দাখিলৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শিল্পীপত্নী গৰিমা শইকীয়া গার্গে কয় যে এগৰাকী মানসিক ৰোগী বুলি ভাবিহে কথাবোৰ ইমানদিনে আওকাণ কৰি থকা হৈছিল। আদালতত চলি থকা মূল গোচৰটোত আমি গুৰুত্ব দি থকাৰ বাবে এনেধৰণৰ কথাবোৰত বিশেষ মন দিব খোজা নাছিলোঁ।  কিন্তু সহ্যৰ এটা সীমা থাকে । এজন মানুহ আমাৰ মাজৰ পৰা গুচি গৈছে । তেওঁৰ সত্বাটো কি অসমৰ মানুহে জানে । অসমৰ লগতে এতিয়া সমগ্ৰ বিশ্বই জানে- জুবিন গাৰ্গে অসমৰ সমাজ-সংস্কৃতিৰ বাবে কি কৰি থৈ গৈছে । সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই, অভদ্ৰ অশালীন ভাষাৰে দিনে ৰাতিয়ে কটু মন্তব্য কৰি চৰিত্ৰহনন, অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে ! সেই কাম অসমৰ মানুহে নকৰে । এইগৰাকী মহিলাই না অসম ভাল পাই, না অসমীয়াক ভাল পাই, না অসমীয়া মানসিকতাক ভাল পাই, না অসমীয়া আৱেগক ভাল পায় । তেওঁ যিবোৰ কথা কৈছে সঁচাকৈয়ে সহ্য কৰিব নোৱাৰা । সেয়ে আমি ভাবিলো আইনী ব্যৱস্থা লোৱাৰ কথা । আইনৰ ওপৰত এৰিছো । আইনে ব্যৱস্থা ল’ব । অকল মোৰ বা তেওঁৰ ক্ষেত্ৰতে নহয়, পুত্ৰহাৰা এগৰাকী অশীতিপৰ ব্যক্তি, মোৰ শহুৰ দেউতা আৰু মোৰ ননদগৰাকীৰ বিৰুদ্ধেও বিভিন্ন ধৰণে চৰিত্ৰহননৰ চেষ্টা চলাইছিল শিখা শৰ্মাই। অসমৰ ৰাইজে ইতিমধ্যে সকলো দেখিছে। সকলোৱে তেওঁৰ পোষ্টত গালিও দিছে। তথাপিও তেওঁৰ কোনো ধৰণৰ লজ্জাবোধ নাই। শিখা শৰ্মাক অসমৰ এগৰাকী শত্ৰু আখ্যা দি গৰিমা শইকীয়া গাৰ্গে কয়, জুবিন গাৰ্গক শেষ কৰা মানুহক যদি সহযোগ কৰিছে তেওঁ এগৰাকী অসমীয়া কেনেকৈ হ’ব পাৰে । এইগৰাকী মহিলাই অসম-অসমীয়াকে নহয়, অসমীয়াৰ মানসিকতা, আৱেগক কোনোদিনে ভালপোৱা নাছিল। অসম আৰক্ষীৰ লগতে অসমবাসী ৰাইজকো ধন্যবাদ জ্ঞাপন কৰি গৰিমা শইকীয়া গার্গে কয় যে এনেধৰণৰ কথা কোনো লোকে সহ্য কৰিব নোৱাৰে। কাৰণ জুবিন অকল আমাৰ নাছিল, সমগ্ৰ অসমবাসীৰ মৰমৰ-ঘৰৰ আপোন মানুহ আছিল। ইপিনে, গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ পাছতে দিছপুৰ থানাতো সাংবাদিক হেমন্ত শর্মা আৰু শিল্পী সমাজে পৃথকে দুটা গোচৰ শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰে। শিল্পী সমাজৰ হৈ পৰিচালক ৰাজেশ ভূঞাই কয় যে জুবিন গাৰ্গক হেৰুওৱা চাৰি মাহ হৈ গ’ল। ন্যায় প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। বিগত কেইবাদিনৰ পৰা আমি দেখি আছোঁ শিখা শর্মাই শিল্পীগৰাকীৰ পৰিয়াল, পিতৃ, ভগ্নীক লৈ সামাজিক মাধ্যমত বিভিন্ন অশালীন মন্তব্য কৰি আহিছে। ন্যায় প্রক্রিয়া চলি থকা অৱস্থাত তেওঁ দিয়া পোষ্টবোৰে ন্যায় প্রক্রিয়াত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছিল। সেইবাবে শিল্পী সমাজে এই পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হয়। কিবা ক’বলগীয়া থাকিলে ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ আগবাঢ়ি যাওক, কিন্তু সামাজিক মাধ্যমত এনেদৰে অশালীন মন্তব্য দি সকলোকে আক্ৰমণ কৰাটো ঠিক নহয়। অকল গ্ৰেপ্তাৰ কৰিয়ে ক্ষান্ত নাথাকি শিখা শর্মাক উচিত শিক্ষা দিয়াৰ বাবেও তেওঁ আৰক্ষীক আহ্বান জনাইছে। তাৎপর্যপূর্ণভাৱে প্ৰাণৰ শিল্পীৰ চৰিত্ৰহননৰ দৰে চৰম স্পর্ধা কৰিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত হাঁহিমুখে সকলোকে নমস্কাৰ জনাই শিখা শর্মা যোৱা দৃশ্য প্রত্যক্ষ কৰি কৰ্তব্যৰত আৰক্ষীও ক্ষোভিত হয়। অপৰাধ শাখাই শিখা শর্মাক আদালতত হাজিৰ কৰে। আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ শিখা শৰ্মাক প্ৰেৰণ কৰিছে।