গৰাকীবিহীন বাটৰুৱা কুকুৰক আশ্রয় কেন্দ্ৰলৈ পঠাব নোৱাৰিবঃ উচ্চতম ন্যায়ালয়
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজধানী দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ) ৰ গৰাকীবিহীন বাটৰ কুকুৰক আতৰ কৰি আশ্রয় কেন্দ্ৰলৈ পঠিওৱাৰ ৰায়ক লৈ তীব্র বিতর্ক আৰু প্ৰতিক্রিয়া সৃষ্টি হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ হস্তক্ষেপত পূৰ্বৰ ৰায় সংশোধন কৰিবলগীয়া হয়। সর্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে পূৰ্বৰ ৰায় সংশোধন কৰি গৰাকীবিহীন সকলোবোৰ বাটৰুৱা কুকুৰক ৰাস্তাৰ পৰা আঁতৰাই আশ্রয়গৃহলৈ পঠিয়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে। টিকাকৰণ কৰাৰ পিছত বাটৰুৱা কুকুৰবোৰক আশ্রয় কেন্দ্ৰৰ পৰা পুনৰ আগৰ ঠাইত এৰি দিব লাগিব। সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিক্রম নাথ, সঞ্জীৱ মেহতা আৰু এন ভি আঞ্জাৰিয়াৰ তিনিজনীয়া বিচাৰপীঠে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বাটৰুৱা কুকুৰক ৰাস্তাৰ পৰা আঁতৰাই আশ্রয় কেন্দ্রলৈ পঠিয়াবলৈ নিৰ্দেশ দিছে। এই ৰায়ৰ পিছতেই তীব্র প্রতিক্রিয়া আৰু বিতর্ক সৃষ্টি হোৱাত মুখ্য ন্যায়াধীশ গাভাই বিষয়টো বিবেচনা কৰি নতুনকৈ বিচাৰ পীঠত শুনানি কৰে আৰু এই বিচাৰপীঠে পূৰ্বৰ ৰায়ক সংশোধন কৰাত কুকুৰপ্ৰেমীয়ে ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায়।