গৰম বন্ধ – ইভা গন্ধীয়া ফুকন

গৰম বন্ধ 

ইভা গন্ধীয়া ফুকন

স্কুলীয়া জীৱনত গৰম বন্ধটো এটা উৎসৱ যেন লাগিছিল অৰুণীমাৰ।গৰম বন্ধ দিয়া দিনা কিমান যে ফুর্তি,ঘৰলৈ আহি পঢ়া টেবুলত কিতাপৰ বেগ থৈ কিবা খালে কি নাখালে চিধাই খেলিবলৈ দৌৰ । পিছদিনাৰ পৰা এক মাহলৈ স্কুল যাব নালাগে গতিকে স্কুল বেগ টেবুলতে পৰি ৰয়।গৰম বন্ধ দিন কেইটা বাৰীৰ আম, কঁঠাল,পনীয়ল ,থেৰেজু আদি খাই খাই বৰ আনন্দৰে পাৰ কৰিছিল । শাওণৰ বোকা পথাৰৰ বোকাৰ মাদকতা ন- ভূঁই ৰোৱা আদিত ভাগ লোৱা,হেলছ গুটি, তৰা গছ, কচু গছে বন্তি গছি জ্বলাই গুৰুক দিম ভকতক দিম বুলি গুজেই গজালি হৈ খেতি ডৰা নদন বদন হওঁক বুলি সেৱা জনোৱা , কোনো কোনোৱে পকা কঁঠালৰ ফুটা আগ বঢ়ায়। এইবিলাক উপভোগ কৰি আনন্দ পোৱা অৰুণীমা শৈশৱৰ দেওনা পাৰ হৈ ভৰ যৌৱনা হ’ল। পঢ়া -শুনাও সমাপ্ত কৰিলে বিশ্ব বিদ্যালয়লৈকে পঢ়ি ।মাক দেউতাকে তাইক বিয়াৰ বাবে জোৰ দিছে ।

বিয়া শব্দটো মন পুলকিত কৰা এটি মিঠা শব্দ ।বিয়া মানে দুটি মন এক হৈ হাজাৰ স্বপ্ন দিঠক কৰা । দুটি পৰিয়াল এক কৰাৰ লগতে দুখন ঠাইৰ নিয়ম নীতি আচাৰ ব্যৱহাৰ আদিৰ লগত পৰিচয়  হোৱা । বিয়া শব্দটো শুনি অৰুণীমাৰ অন্তৰতো অজান পুলক নজগোৱা নহয় ।ভয় হয় জনোচা তাইৰ মনৰ মানুহজন তাই ভবাৰ দৰে নহয় ।বিয়া এখন নীলা চাদৰ নহয় যে মন গ’লে গাত মেৰিয়াই ল’ব আৰু মন ভৰিলে দলিয়াই দিব । তাই মাক দেউতাকক কৈ দিছে তোমালোকে পছন্দ কৰা ল’ৰালৈকে বিয়াত বহিম । চাবা যাতে ল’ৰাজন বহল মনৰ গৰাকী হয় । অবশেষত মাক দেউতাকে চাই দিয়া এজন কলেজৰ প্রফেছাৰৰ লগত বিয়া ঠিক হ’ল । তাইও কোনো আপত্তি নকৰিলে ।ঘৰৰ এক মাত্ৰ ল’ৰা অৰুণাভ বায়েক দুজনী ইতিমধ্যে বিয়া হৈ গৈছে ।মাক দেউতাক আৰু অৰুণাভ ।নীতি নিয়মেৰে দুয়োখন ঘৰৰ অহা যোৱা আৰু মত বিনিময়ত বিয়াখন সুকলমে হৈ গ’ল।

নতুন ঘৰৰ নতুন পৰিৱেশত মিলি যাবলৈ অৰুণীমাৰ বেছি অসুবিধা নহ’ল ।তাই শিক্ষিতা ছোৱালী কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো তাই জানে।এইদৰে দিন পাৰ হৈ দুবছৰৰ পিছত তাই এটি পুত্ৰ সন্তানৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে । অৰুণীমা গৃহস্থী সংসাৰত ব্যস্ত হৈ পৰিল ।তাৰ দুবছৰৰ পিছত শহুৰ দেউতাকৰ মৃত্যু হ’ল বেমাৰত পৰি ।লাহে লাহে আৰুহে ব্যস্ত হৈ পৰিল তাই শাহু মাক আৰু সন্তানৰ আলপৈচান ধৰা আদি ঘৰুৱা কামত ।নিজৰ জন্ম ঘৰখনলৈ যাবলৈও সময় নোহোৱা হৈ পৰিল ।কেতিয়াবা ক’ৰবাত যাব ইচ্ছা জাগিলেও মনতে সামৰিব লগা হয় । অৰুণীমাৰ পঢ়া চাৰ্টিফিকেট বোৰ আলমাৰীৰ জেগা বন্দী কৰি পৰি ৰ’ল ।

যেতিয়া অৰুণাভ আৰু ল’ৰাৰ গৰম বন্ধ আহে তেতিয়া অৰুণীমাৰো সেই শৈশৱৰ গৰমৰ বন্ধৰ  দিন বোৰলৈ বৰকৈ মনত পৰে।অৰুণীমাই সৰু কালৰ ৰং ধেমালিৰে ভৰা দিনবিলাকৰ মাদকতা নিজৰ সন্তানকো দিব খোজে ।কিন্তু যুগৰ পৰিবৰ্তন আজিকালি ল’ৰা ছোৱালী বিলাক বাহিৰৰ খেল ধেমালিতকৈ মোবাইল ফোনৰ লগতহে খেলি ভাল পায় । সেয়ে অৰুণীমাই বন্ধ দিনকেইটা নিজৰ সন্তানক বাহিৰৰ জগত খনৰ প্ৰাকৃতিক পৰিবেশৰ লগত চিনাকি কৰি তুলিব মন কৰে । কেইদিন মানৰ কাৰণে ভ্ৰমণ কৰিব ইচ্ছা থাকিলেও শাহু মাকক এৰি যোৱাটো সম্ভৱ নহয় ।লগত লৈ যাবলৈও নোৱাৰে কাৰণ তেখেতৰ দেহাই নোৱাৰে । বায়েকহঁতৰ লগত থৈ যাবলৈও তেওঁলোক নিজৰ নিজৰ সংসাৰত ব্যস্ত থাকে।এইবাৰ গৰম বন্ধত অলপ বিদেশ ভ্ৰমণ কৰিম বুলি অৰুণাভৰ আগত কথা উলিয়াব খুজিও ৰৈ যায় ।

এদিন সকলোৱে ডাইনিং টেবুলত ভাত খাই থাকোতে  অৰুণীমাই সাহ কৰি কথাটো উলিয়ালে ।এই গৰম বন্ধতে আমি অলপ বাহিৰত ফুৰি আহিম বুলি ভাবিছোঁ। লৰাই ফুৰ্তিতে বৰ ভাল হ’ব, মা ক’ত যাম আমি বুলি  মাকক সাৱটি ধৰিলে ।শাহু মাকে ক’লে তোমালোক গ’লে মই কাৰ লগত থাকিম তোমালোকৰ লগতো মই যাব নোৱাৰিম মোৰ দেহাই নাটানে। অৰুণাভে  “তাকেইটো ” বুলি কথা সামৰিলে। অৰুণীমাই আৰু কথা আগনবঢ়ালে।তাইৰ মনৰ আশা মনতে ৰ’ল । খাই বৈ পাকঘৰ সামৰি অৰুণীমাই টিভিৰ আগত বহিল ।টিভিটো নামত হে খুলি থৈছে তাই মনতে ভুৰভুৰাই আছে  —- বিয়াৰ মধুচন্দ্ৰিকা  নিশা ” দুয়ো দুয়োৰে সুখ দুখৰ প্ৰতি খিয়াল ৰখাৰ প্ৰতিশ্ৰুতি দিয়াৰ ” কথা এইডালে    (অৰুণাভ ) কিয় পাহৰিলে? মোৰ কথাটো অলপো ভাবি নাচালে  ।

দুদিনৰ পিছত অৰুণাভৰ বায়েকহঁত গৰম বন্ধ কটাবলৈ মাকৰ ঘৰলৈ আহিম বুলি খবৰ দিলে ।মাকৰ বৰ স্ফুৰ্তি জীয়েক নাতি নাতিনীহঁত আহিব বুলি।আলহী ৰূমত এ চি ( Air cooler) লগাবলৈ পুতেকক কৈছে। গৰমত যাতে কষ্ট নাপায় ছোৱালী নাতি নাতিনীতহঁতে ।মাকৰ কথামতে  ৰূমত এ চি লগাই পৰ্দা ,বিচনা চাদৰ সকলো নতুন কৰি চাফ চিকুন কৰি ৰাখিলে ।বায়েকহঁত থকা কেইদিন অৰুণীমা আৰু বেছি ব্যস্ত হৈ পৰিল তেওঁলোকৰ মনপছন্দৰ খানা চাহ আদিৰ যোগান ধৰা এইবোৰত ।নানা ধৰণৰ ব্যঞ্জন ৰান্ধি সকলোৱে মিলিজুলি সময় পাৰ কৰিছে । অৰুনিমা বায়েকহঁতক পাই নানা ধৰণৰ কথা বতৰা পাতি আনন্দ লভিছে যদিও ভিতৰি সুখী নহয় ।তাই এইকেইদিন নিজৰ ফোনটো চাবলৈও সময় পোৱা নাই ।

ঘৰুৱা কাম বন কৰি থাকে যদিও অৰুণীমাৰ মনটো অনুসন্ধীৎসু হৈ থাকে ।তাই আজৰি পালে ফেচবুক ,হোৱাতছ এপত পুৰণা কলেজৰ দিনৰ বন্ধু বান্ধৱী সকলৰ লগত গঠন মূলক কথা আলোচনা কৰি ভাল পায়। কলেজৰ বন্ধু নীলভৰ লগত প্ৰায়ে কথা বতৰা হৈ থাকে ,বৰ্তমান কি কৰিছা এইবিলাকৰ খবৰ ৰাখে । নীলভে ACS exm (Assam Civil Survice) ৰ প্ৰস্তুতি কৰি আছোঁ বুলি জনালে ।অৰুণীমাইও ACS  exm দিবৰ বাবে প্ৰয়োজনীয়  কিতাপ অনলাইন অৰ্ডাৰ কৰি প্ৰস্তুতি  চলাই পৰীক্ষাত বহিছিল।

নিশা ভাত পানী খাই শুবৰ সময়ত অৰুণীমাই অৰুণাভক ক’লে হেৰা মই কথা এটা ভাবিছোঁ কওঁ নে  ? তুমি বা কি কোৱা,অৰুণাভে ক’লে কোৱা । বাইদেউহঁত কেইদিনমান আমাৰ ঘৰত থাকিব যেতিয়া আমি অলপ বাহিৰত ফুৰি আহিলে কেনে হয় ? অৰুণাভে কথাটো অলপ ভাবি চাই বেয়া নহয় বাৰু  ,কালিলৈ মাৰ আগত কথাটো উলিয়াম দিয়া । অৰুণীমাই কৈছে মায়ে কি বুলি ভাবে আকৌ অৰুণাভে হ’ব দিয়া মই মাক পতাই ল’ম তুমি চিন্তা কৰিব নালাগে এতিয়া শুই থাকা।মাক কেনেকৈ পতাব লাগে মই জানো । কথামতে পিছদিনা অৰুণাভে মাকৰ কাষত গৈ কথাটো ক’লে — মা বাইদেউহঁত ইয়াত থাকোতে আমি অলপ বাহিৰত ফুৰি আহোগৈ বুলি ভাবিছোঁ ।বাবাটো জন্ম হোৱাৰ পৰা ক’লৈকো ফুৰিবলৈ বুলি যোৱা হোৱা নাই ।গৰম বন্ধ শেষ হ’লে আকৌ যাব নোৱাৰিম ।মাকেও হ’ব তেনে বুলি একো আপত্তি নকৰিলে ।

লগে লগে অনলাইনত এৰোপ্লেনৰ টিকট বুক কৰিলে । দিল্লীলৈকে গৈ তাতে দুদিন কটাই দিল্লীৰ ইণ্ডিয়া গেট ,লালকিল্লা , কুটুব মিনাৰ ,লটাচ টেম্পল আদি পৰিদৰ্শন কৰি  পিছদিনা কাশ্মীৰলৈ বুলি উৰা মাৰিলে । তাতে কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰি থাকোতে অৰুণীমাৰ ফোন টো বাজি উঠিল তাই চাই দেখে নীলভৰ ফোন । ফোনটো ৰিছিভ কৰি হেল বুলি কোৱাৰ লগে লগে ইফালৰ পৰা নীলভৰ কণ্ঠ “হেই পাৰ্টি খাব আহি আছোঁ ” অৰুণীমা আচৰিত হৈ ক’লে কিহৰ পাৰ্টি লাগে ফুৰিব আহিলে কি পাৰ্টি দিয়ে নেকি ?

নীলভ —-কি কোৱা হে ক’ত আছা তুমি ।আজি বাতৰি কাকত চোৱা নাই নেকি ,মই পাৰ্টি লাগে বুলি কোৱা কাৰণে নজনাৰ ভাও ধৰিছা ।

অৰুণীমা —- খুলি কোৱা চোন নীলভ কি হৈছে ।

নীলভ—–আজি  ACS Exm ৰ ৰিজাল্ট ওলাল তুমি পাছ কৰিছা ।

অৰুণীমা —- আৰু তুমি,তোমাৰ ৰিজাল্ট কোৱা ।

নীলভ —— মইও পাছ কৰিলোঁ ।

অৰুণীমা—— ৱাও বৰ মজা খবৰ দিলা ।মই বৰ্তমান কাশ্মীৰত আছোঁ ঘৰলৈ আহি পাৰ্টি কৰিম দিয়া । খবৰটো দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ নীলভ বুলি ফোন কাটিলে ।

খবৰটো অৰুণাভক ক’লে । ৱাও মোৰ ৰাণী তোমাক মানিছো কিন্তু ইমান কামৰ মাজতো তুমি কেতিয়া পঢ়া শুনা কৰি পৰীক্ষা দিছিলা তুমিহে জানা আৰু।আজি মই বহুত সুখী তোমাৰ দৰে এগৰাকী নাৰী মোৰ জীৱন সঙ্গী পায়  এইবুলি কাষলৈ টানি আনি চুমা এটা দি দিলে গালতে ।কাষতে যে নিজৰ ল’ৰা আছিল ভাবিয়ে নাচালে । সাত বছৰীয়া সন্তানে মা – দেউতা মই একো দেখা নাই কিন্তু, বৰফ গলা হে চাই আছোঁ বুলি কোৱাতহে সচেতন হ’ল ।

অৰুণাভে কিছু চিন্তা কৰি অৰুণীমা তুমি চাকৰি কৰিব গ’লে মাক কোনে চাব ? অৰুণীমা – সেই তুমি কিনো ভাবি আছা ফুৰি লওঁ এতিয়া ফুৰাৰ আনন্দ লোৱা ।ঘৰলৈ গৈ ভাবিম ।মই সকলো চম্ভালি ল’ম মাক চাবৰ বাবে মাৰ লগত থকাকৈ এগৰাকী মানুহ বিচাৰি ল’ম । এইবোৰ মোৰ ওপৰত এৰি দিয়া ।