গৰমৰ বন্ধ
বিশ্বজিৎ বৈশ্য,বংশৰ, (শুৱালকুছি)
আমি প্ৰত্যেকেই পাৰ কৰি অহা বৰ্তমান শিক্ষাৰ্থীসকলৰ এক মিঠা আনন্দ যাৰ নাম শুনিলেই ভাল লগা এটি শব্দ সেয়া হ’ল গৰমৰ বন্ধ। গৰমৰ বন্ধ বুলিলে আমাৰ সকলোৰে মন উৰণীয়া হৈ পৰে। পৰীক্ষা শেষৰ দিনাৰ পৰাই আমাৰ বহুতো পৰিকল্পনা কৰি মনত ৰাখি থও। কি কৰিম কলৈ যাম এই গৰমৰ বন্ধ জুলাই মাহত।অৱশ্যে অতীতৰ গৰমৰ বন্ধৰ দিনবোৰ আৰু বৰ্তমানৰ গৰমৰ বন্ধৰ দিনবোৰৰ মাজত পাৰ্থক্য আছে।বৰ্তমান সময়ত ব্যস্ততা আৰু যান্ত্ৰিকতাৰে ভৰা এই পৃথিৱীখনত গৰমৰ বন্ধৰ দিনবোৰো যেন এতিয়া কৰ্মব্যস্ততাৰ মাজেৰেই পাৰ হয়।আগতে আমি কৰা যেনে- মাটিৰে তৈয়াৰ কৰা আম, অমিতা আদি বহুতো সেইবোৰে আমাক এতিয়াও সোৱাৰাই দিয়ে, সেই দিনবোৰৰ মিঠা অনুভৱ। এই গৃহ কৰ্মসমূহ সোনকালে শেষ কৰি মামাৰ ঘৰলৈ যাব বিচাৰি থাকে আমাৰ মনটো। আইতাৰ সতে সময়বোৰ কটাই ৰজা-ৰাণীৰ সাধু শুনা সেইবোৰ আছিল আমাৰ গৰমৰ বন্ধৰ এক সুকীয়া আমেজ।গাঁৱৰ ওচৰতে নদীৰ পাৰত বহি বৰশী বোৱা,সমনীয়াৰ সতে গা-ধোৱা ,আম , কঁঠাল আদি পাৰিবলৈ যোৱা ইত্যাদিবোৰ গৰমৰ বন্ধৰ একো একোটা আমাৰ বিশেষ বিশেষ পাহৰিব নোৱাৰা মূহুর্ত। বৰ্তমান সময়ত গৰমৰ বন্ধ কিন্তু পৃথক। এতিয়া বন্ধ বুলি কলে আৰম্ভ হৈ যায় গ্ৰীষ্মকালীন কৰ্মশালা।এই কৰ্মশালা সমুহ বিভিন্ন ঠাই সমুহত বিভিন্ন বিষয়ৰ ওপৰত অনুষ্ঠিত কৰা হয় দেখা যায়।কোনো কোনো ঠাইত নৃত্য,গীত,বিহু নাম আদি বিভিন্ন বিষয়ত অনুষ্ঠিত কৰে কৰ্মশালা সমুহ। এক কথাত কব পাৰি যে, এই গ্ৰীষ্মকালীন কৰ্মশালা সমুহে শিশু তথা নৱ প্ৰজন্মৰ অনাগত দিনবোৰৰ নতুনত্ব প্ৰভাৱে আগবাঢ়ি যাবলৈ সাহস দিয়ে।
