গৰমৰ বন্ধ উদযাপনেৰে শিক্ষামূলক ভ্ৰমণ
দিপ্তী মনি গোস্বামী, লখিমপুৰ
ইংৰাজী জুলাই মাহ বুলিলেই স্কুল কলেজৰ গৰমৰ বন্ধৰ সময়, এই গৰমৰ বন্ধটো ভিন্ন জনে ভিন্ন ভাৱে উদযাপন কৰে। চহৰত বসবাস কৰা কিছুমান ছাত্ৰ -ছাত্ৰী য়ে গৰমৰ বন্ধ উদযাপন কৰিবলৈ বুলি গাঁৱত থকা ককাক আইতাকৰ কাষলৈ আহি কেঁচা মাটিৰ জীপালতাৰ সৈতে একাত্ম হৈ সময় খিনি সুন্দৰ ভাৱে অতিবাহিত কৰে। আন কিছুমান আকৌ চহৰতে বাস কৰা বা গাঁৱতে বাস কৰা ছাত্ৰ -ছাত্ৰীয়ে অভিভাৱক বা কোনোবা আত্মীয়ৰ সৈতে দূৰ-দূৰণিৰ ভ্ৰমণ সূচী হাতত লয়। সেই টো ভাল কথা কাৰণ ভ্ৰমণৰ অবিহনে কেৱল কিতাপৰ শিক্ষাতে জ্ঞান বা শিক্ষা পূৰ্ণতা নাপাই বুলি বহুতে কোৱা শুনো।এতিয়া কথা হ’ল… গৰমৰ বন্ধৰ সেই ভ্ৰমণ ফূৰ্তি উদযাপন বিলাক খাই ফুৰি সিমানতে সীমাবদ্ধ নাৰাখি শিক্ষামূলক ভ্ৰমণলৈও ৰূপান্তৰ কৰিব পৰা যায়। অভিভাৱক সকলে লৰাটো বা ছোৱালী জনীক ফুৰিবলৈ যাওঁতে সদায় এখন বহী আৰু এটা কলম লগত নিবলৈ পৰামৰ্শ দিব লাগে। যলৈকে নাযাওক লাগে প্ৰতিখন ঠাইৰে উৎপত্তি, ইতিবৃত্ত, বুৰঞ্জী মূলক সমল , মঠ, মন্দিৰ আদি বিলাকৰ তথ্য স্থানীয় লোকৰ পৰা সংগ্ৰহ কৰি লিখি যাব লাগে লগতে নিজে দেখা ঠাইখনৰ ক্ষুদ্ৰ বৰ্ননা। সেই তথ্য সমূহে অনাগত দিনত কেতিয়াবা কামত অহাৰ উপৰিও কিছুমান ঠাই বা তথ্য নিজৰ শিক্ষা জীৱনৰ লগতো সংগতি খাই পৰি অধিক জ্ঞান অৰ্জন কৰিব পৰা যায়। তাৰোপৰি সেই তথ্য সমৃদ্ধ লেখা সমূহে কেতিয়াবা ভৱিষ্যত জীৱনত বা বৰ্তমানতেই হওক কলম তুলি ল’বলৈ সাহিত্যৰ পৃথিৱী খনত খোজ পেলাব লৈও অৰিহনা যোগাব পাৰে। লগতে সৰু কালৰ পৰাই লিখাৰ মনোভাৱ এটাও গা কৰি উঠিব পাৰে , যি লিখাৰ পৰা নিজে লোৱা জ্ঞান বা শিক্ষা খিনি আনৰ মাজতো বিলাব পৰা হয়। তাৰ দ্ধাৰা আন বহুতৰো কেতিয়াবা উপকাৰ সাধন হ’ব।