গৰমৰ বন্ধ আগৰ দৰেই আছে নে?
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
সৰুতে আমি পোৱা অতি আগ্ৰহৰ গৰমৰ বন্ধ আজিও একেই আছে নে? বন্ধ দিয়া দিনা মানে জুন মাহৰ শেষৰ দিনটোত ঘৰত কৰিব বাবে কিছু প্ৰশ্ন দিয়া, স্কুলৰ চাৰ বাইদেউ সকলক বকুল ফুলৰ মালা গাঁঠি উপহাৰ দিয়া। আজিও দিয়ে নে । হয়তো আমাৰ দিনতকৈ আজি উন্নত হ’ল। প্ৰশ্ন বিলাক স্কুলৰ সামাজিক মাধ্যম গ্ৰুপত আহে, বকুল ফুলৰ মালা সলনি আন কিবা উপহাৰ দিয়া হ’ল।
গৰমৰ বন্ধ মানেই আমাৰ আছিল ফুৰ্তিৰ সময়। মামা ঘৰ যোৱা,tv ত চিনেমা চোৱা, ৰামায়ন মহাভাৰত উপভোগ কৰা। নদীৰ বুকুত সাঁতোৰা, বালিত জঁপিয়াই থকা। পথাৰলৈ বুলি গৈ বোকা পানীত খেলা। সঁচাই আজি গাঁও বিলাকতো কিছু পৰিমাণে কমিছে এনে ফুৰ্তিৰ দিন । ঘৰৰ হেঁচাত সকলো কিতাপ পঢ়ি আজৰি হোৱা, গৰম উঠিলেই আইতা লগত চোতালত বহি সাধু শুনা। সোণোৱালী আছিল সঁচাই সেই সময় বিলাক, হেৰাই গ’ল হঠাতে।
আজিও আছে নে এনে মাদকতা গৰমৰ বন্ধত। নে পঢ়া বোজাই কোঙা কৰি ৰখা ছাত্ৰ ছাত্ৰীৰ হাতৰ পৰা সৰকি পৰিল এনে মধুৰ সময়ৰ ক্ষণ! ঘড়ীৰ সময় একেই আছে নাই মাথোঁ আহৰি জীৱনৰ। ব্যস্ততাৰ অজুহাতত হয়তো এদিন এনেকৈয়ে হেৰাই যাব সমধুৰ সময়ৰ মুকুতাৰ ক্ষন।
ভাৱে নে আপুনিও? একেই আছে জানো গৰমৰ বন্ধ সেই মাদকতা ভৰা হেঁপাহ?